অলিম্পিয়া প্ৰতিবেদন
ইতিমধ্যে সমাপ্ত হৈছে আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ লীগ পৰ্যায়ৰ খেলসমূহ। মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই স্থান নিশ্চিত কৰিছে প্লে অফত।
কালি অনুষ্ঠিত লীগৰ অন্তিমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক ১০ উইকেটত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ উক্ত মেচত অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰে ৫৮ টা বলত ৮৫ ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলে। লগে লগে তেওঁ চলিত চিজনত সম্পূৰ্ণ কৰে ৫০০ ৰান। তাৰ লগে লগে এক বিশেষ অভিলেখৰ গৰাকী হয় অষ্ট্ৰেলিয়ান বেটছমেনগৰাকী।
আই পি এলৰ ইতিহাসত ষষ্ঠ বাৰৰ বাবে ৫০০ অথবা ততোধিক ৰান সংগ্ৰহ কৰা তেওঁ একমাত্ৰ ক্ৰিকেটাৰত পৰিণত হয়।
চলিত চিজনত ৱাৰ্নাৰে সংগ্ৰহ কৰে ৫০১ ৰান। তাৰ আগতে ২০১৪ চনত ৱাৰ্নাৰে ৫২৮ ৰান সংগ্ৰহ কৰিছিল।ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ২০১৫ চনত তেওঁ সংগ্ৰহ কৰিছিল ৫৬২ ৰান।
২০১৬ চনত, ৱাৰ্ণাৰে ছিজনটোত বিশাল ৮৪৮ ৰান সংগ্ৰহ কৰাৰ লগতে দলক চেম্পিয়ন কৰাতো সহায় কৰিছিল। ২০১৭ চনত পুনৰ ৬৪১ ৰান কৰে।
বল টেম্পাৰিং বিতৰ্কৰ বাবে ২০১৮ চনৰ আই পি এলত অংশ ল’ব নোৱাৰা ৱাৰ্নাৰে আই পি এললৈ প্ৰত্যাৱৰ্তন ঘটায় ২০১৯ চনত । সেই বৰ্ষতো সংগ্ৰহ কৰে ৬৯২ ৰান।