Friday, September 30, 2022
HomeNewsআমিনগাঁৱত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্ট

আমিনগাঁৱত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্ট

অলিম্পিয়া প্ৰতিবেদন

অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা কামৰূপ(গ্ৰাম্য) জিলাৰ সদৰ আমিনগাঁও ৰেলৱে ফিল্ডত আৰম্ভ হ’ব এক আকৰ্ষণীয় দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট টুৰ্ণামেণ্ট । ৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাৰ আয়োজনত বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে আমিনগাঁও অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী শ্বেৰু খানে । ইতিমধ্যে ৩০ টাৰো অধিক ক্ৰিকেট দলে এই প্ৰতিযোগিতাত যোগদান নিশ্চিত কৰিছে । আনকি শ্বিলং,পশ্চিমবংগ,ভূটানৰ ক্ৰিকেট দলেও আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰিছে । আয়োজকৰ মতে প্ৰতিযোগিতাখনত ৫০ টা অধিক দলে অংশগ্ৰহণ কৰিব । টুৰ্ণামেণ্টৰ চেম্পিয়ন দলে ট্ৰফীৰ লগতে ১ লাখ টকা আৰু ফাইনেলিষ্ট দলে ট্ৰফীসহ লাভ কৰিব ৫০ হেজাৰ টকা । তদুপৰি মেন অৱ দ্য ছিৰিজক ট্ৰফীসহ ১০,০০০ আৰু ফাইনেলৰ মেন অৱ দ্য মেচক ট্ৰফীসহ ৫,০০০ টকা প্ৰদান কৰা হ’ব । টুৰ্ণামেণ্টত যোগদান কৰিবলৈ ইচ্ছুক ক্ৰিকেট দলক ৯৯৫৪৮৬২৪৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিৰ সভাপতি মহম্মদ আমজাদ খান আৰু সম্পাদক সঞ্জয় মাহাতুৱে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments