Wednesday, October 5, 2022
HomeNewsলামডিঙত পুনৰ দিবা- নৈশ ক্ৰিকেট

লামডিঙত পুনৰ দিবা- নৈশ ক্ৰিকেট

✍️লামডিঙৰ পৰা চিন্ময় দেৰ প্ৰতিবেদন

লামডিং ৰেলৱে মজদুৰ ইউনিয়নৰ উদ্যোগত লামডিং বিবেকানন্দ ৰেলৱে খেলপথাৰত শনিবাৰৰ পৰা পুনৰ দিবা নৈশ ক্ৰিকেট টুৰ্ণামেন্ট আয়োজন কৰা হৈছে ৷ প্ৰতিযোগিতাৰ শুভাৰম্ভি কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক গৰাকী আৰু লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাই ৷ মজদুৰ ইউনিয়নৰ এই প্ৰচেষ্টা বিধায়ক গৰাকীয়ে উৎসাহ জনোৱাৰ লগতে আগন্তুক দিনত লামডিঙৰ বাবে সুখবৰ অহাৰো সম্ভাৱনা আছে বুলি মন্তব্য কৰে ৷ লামডিঙৰ খেলুৱৈসকলক উৎসাহ জনোৱাৰ লগতে আগন্তুক দিনত লামডিঙৰ খেলুলৈসকলে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় খেল জগতত নিজৰ নাম জিলিকাব বুলিও আশা ব্যক্ত কৰে বিধায়ক গৰাকীয়ে ৷ মজদুৰ ইউনিয়নে অহা ১০ এপ্ৰিললৈকে আয়োজন কৰা দিবা-নৈশ ক্ৰিকেট টুৰ্ণামেন্টখনত লামডিং ৰেলৱে বিভাগৰ মুঠ ১৭ টা দলে অংশগ্ৰহণ কৰে ৷ নিশাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় । উদ্ধোধনী অনুষ্ঠানত মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ সম্পাদক তৰুন দে ৰ লগতে সকলো কৰ্তৃপক্ষ উপস্থিত থকাৰ উপৰি ৰেলৱে বিভাগৰ চিকিৎসক তথা সকলো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments