Tuesday, October 4, 2022
HomeNewsপাঞ্জাবাৰীত দিবা-নৈশ ভলীবল

পাঞ্জাবাৰীত দিবা-নৈশ ভলীবল

অলিম্পিয়া প্ৰতিবেদন

ভলীবলৰ আমেজত বুৰ গল গুৱাহাটীৰ পাঞ্জাবাৰী । ভলীবলাৰৰ স্মেচত জীপাল বতাহঘূলি গদাধৰ সিংহ নগৰৰ খেলপথাৰ । ৮ টাকৈ শক্তিশালী ভলীবল দলৰ অংশগ্ৰহণ ।

যোৱা দেওবাৰে ক্ৰীড়া সাংস্কৃতিক গোষ্ঠী “জনজাতি”ৰ উদ্যোগত, টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয় এখন দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । সদৌ গুৱাহাটী ভিত্তিত বতাহঘূলি গদাধৰ সিংহ নগৰৰ খেলপথাৰত আয়োজিত প্ৰতিযোগিতাত দেখা ভলীবলৰ ৮ টা দল । দলসমূহ হ’ল – – ছয়গাঁও ক্লাৱ, ৰাইজিং ক্লাব, এছ বি কাহিলীপাৰা, পাঞ্জাবাৰী ক্লাব, চন্দ্ৰপুৰ ক্লাব, মালৈবাৰী ক্লাব, জি ভি চি চি আৰু গৰেল ক্লাব । লোকে লোকাৰণ্য হৈ পৰিল ভলীবলৰ মৈদান । ভলীবল মেচ উপভোগ কৰি ৰোমাঞ্চিত হৈ পৰিল ক্ৰীড়াপ্ৰেমী দৰ্শক ।প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হল -ছয়গাঁও বনাম গৰেল ক্লাব । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ অন্তত বিজয়ী মুকুট পিন্ধিলে ছয়গাঁও ক্লাবে ।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি দীনেশ বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি প্ৰশান্ত দুৱৰা, সাধাৰণ সম্পাদক ড০ সত্যব্ৰত বৰুৱাৰ লগতে বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা । সকলোৱে দলসমূহক শুভেচ্ছা জ্ঞাপন কৰিলে ।

পাঞ্জাবাৰীৰ ভলীবলপ্ৰেমী ৰাইজে উপভোগ কৰিলে ভলীবলৰ এখন সুন্দৰ টুৰ্ণামেন্ট । ক্ৰীড়া অনুৰাগীৰ আশা — ন-ৰূপেৰে উদ্ভাষিত হওক অসমৰ ভলীবলাৰ । এনে প্ৰতিযোগিতাৰ মাধ্যমৰে তৃৰ্ণমূল পৰ্যায়ৰ পৰা বিশ্বমুখী হওক অসমৰ ভলীবলাৰৰ যাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments