Tuesday, October 4, 2022
HomeNewsদিবা-নৈশ ভলীবলত চেম্পিয়ন উজানবাজাৰ, ছিমাং শ্ৰেষ্ঠ খেলুৱৈ

দিবা-নৈশ ভলীবলত চেম্পিয়ন উজানবাজাৰ, ছিমাং শ্ৰেষ্ঠ খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

চিৰাং জিলাৰ ঢালিগাঁৱৰ খৌৰামদাও ক্লাব তথা লাইব্ৰেৰীৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত উদাংশ্ৰীনী আলাৰী প্ৰেমসিং ব্ৰহ্ম- সৰ্বেশ্বৰ ব্ৰহ্ম সোঁৱৰণী এদিনীয়া দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত উজানবজাৰৰ ব্ৰহ্ম ক্লাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰে । মুঠ ১২ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ শনিবাৰে নিশা অনুষ্ঠিত উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত উজানবাজাৰে বিজনীৰ উলুবাৰীক ২-১ ব্যৱধানত পৰাজিত কৰে । দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উজানবাজাৰৰ ছিমাং ব্ৰহ্ম‌ই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে । বঁটা বিতৰণী অনুষ্ঠানত প্ৰয়াত প্ৰেমসিং ব্ৰহ্মৰ সহধৰ্মিনী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, গাঁও সভাপতি স্বপন বসুমতাৰী, উপদেষ্টা সুশান্ত মুছাহাৰী উপস্থিত আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments