Monday, July 4, 2022
HomeNews১৯৭৭ চনৰ ডি.চি.এম ট্ৰফী আৰু অকণমান অসম

১৯৭৭ চনৰ ডি.চি.এম ট্ৰফী আৰু অকণমান অসম

অলিম্পিয়া বিশেষ লেখা

✍️ প্ৰতিভূ দত্ত

আগকথা:
বৰদলৈ ট্ৰফী আৰম্ভ হ’ল ৷ বিশেষ সকাম এটাৰ বাবে কালি যাব নোৱাৰিলো ৷ এটা সময়ত ‘‘অইল বা অসম পুলিছে বৰদলৈ ট্ৰফীত খেলিব আৰু চাবলৈ নাযাম !’’— কল্পনা কৰিব নোৱাৰা ধৰণৰ কথা আছিল ৷ এটা সময় মানে সত্তৰ বা আশীৰ দশকৰ কথা ৷

মূল কথাঃ
সেই সময়ৰে এখন টুৰ্নামেন্টৰ কথা কওঁ, অকণমান ৷
ডি.চি.এম. ট্ৰফী ৷ সেই সময়ত ডি.চি.এম. ট্ৰফী দেশ নালাগে এছিয়াৰ ভিতৰতে আগশাৰীৰ প্ৰতিযোগীতা আছিল ৷ এই প্ৰতিযোগীতাত সত্তৰ তথা আশীৰ দশকত সেই সময়ৰ আগশাৰীৰ ফুটবল দল হাংয়াং বিশ্ববিদ্যালয় (দক্ষিণ কোৰিয়া), স্পাৰ্টাক ইউনাইটেড (ৰুছ দেশ), এফ.কে ভল্গা (ৰুছ দেশ), তাজ — তেহৰাণ (ইৰাণ, এতিয়া এষ্টেঘালাল নামে জনাজাত), (পিয়ংইয়ং, উত্তৰ কোৰিয়া), বেয়াৰশ্বিয়াৰ এফ.ভি (দক্ষিণ জাৰ্মানী), ইষ্ট ফ্ৰীমেন্টেল ট্ৰাইকলাৰ (অষ্ট্ৰেলীয়া), ৱেষ্টাৰ্ণ অষ্ট্ৰেলীয়া ছ’কাৰ এছোছিয়েচন (অষ্ট্ৰেলীয়া), বেংক অব ছিওল এণ্ড ট্ৰাষ্ট কোম্পানী (দক্ষিণ কোৰিয়া), চিটিজেনছ্ নেচনেল বেংক (দক্ষিণ কোৰিয়া) ইত্যাদিয়ে ভাগ লৈছিল।

১৯৭৭ চনত ডি.ছি.এম. অংশগ্ৰহণ কৰা দলসমূহ আছিল:
Aryan Club (Calcutta)
Bihar Regimental Centre (Danapur)
Border Security Force (Jullundur)
Central Reserve Police (Neemuch)
Chotta Nagpur Association (Ranchi)
City Club (Delhi)
Delhi Police (Delhi)
Delhi Students (Delhi)
East Bengal Club (Calcutta)
Eastern Command (Calcutta)
Electrical & Mechanical Engineering Centre (Secunderabad)
Frontier Club (Delhi)
Haryana State Electricity Board (Chandigarh)
Himachal Pradesh XI (Mandi)
Hindustan Aeronautics Limited (Bangalore)
Hoshiarpur XI (Punjub)
Indian Air Force
Indian Telephone Industries (Bangalore)
Jagatjit Cotton & Textile Mills (Phagwara)
Jammu & Kashmir XI
Leader F.C. (Jullundur)
Lucknow XI
Moonlight (Delhi)
National Engineering Industries (Jaipur)
Northern Railway Workshop (Jodhpur)
Punjab Police (Jullundur)
Rajasthan Police (Bikaner)
Simla Youngs
Spartak United (U.S.S.R State Bank (Delhi)
Trengganu (Malaysia)
Usmania (Delhi)
Young Men (Delhi)
Youngsters (Delhi)
তাৰোপৰি আন এটা দল আছিল অসমৰ হিয়াৰ আমঠু — ডম্বৰু খনিকৰ, অৰুণ বৰঠাকুৰ, স্বাধীন ডেকাৰজা, ৰমেশ ফুকন আদিৰে সমৃদ্ধ ‘‘অইল ইণ্ডিয়া’’ ৷


অইল ইণ্ডিয়া দিল্লীৰ মৈদানত তেনে অচিনাকি নাম ৷
প্ৰতিযোগীতাৰ প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰা অইলে দ্বিতীয় ৰাউণ্ডত ভাৰতীয় বায়ু সেনা (Indian Air Force)ৰ দলৰ সৈতে ২-২ গোলত ড্ৰ খেলি অৱশেষত টাই ব্ৰেকাৰত ৫-৪ গোলত জয় লাভ কৰে ৷ তৃতীয় ৰাউণ্ডত অইল দলৰ প্ৰতিপক্ষ আছিল জলন্ধৰৰ বিখ্যাত লীডাৰ্ছ এফ.ছি ৷ ষাঠিৰ দশকত ১৯৬২, ৬৩ চনত দুবছৰ একেৰাহে বৰদলৈ ট্ৰফী ফাইনেল, ১৯৬৬ ৰ পৰা ১৯৬৮লৈ তিনি বছৰ একেৰাহে ডি.ছি.এম. ফাইনেল প্ৰবেশ কৰিবলৈ সক্ষম হোৱা কথাটোৱেই প্ৰমাণ কৰে দলটোৰ প্ৰতিপত্তিৰ কথা ৷

‘‘কি বা হ’ব সেইখন খেলত ? পাৰিব নে মাৰিব ?’’, অসমৰ ডাই হাৰ্ড ফুটবল প্ৰেমীৰ মনত প্ৰশ্ন উদয় হ’ল ৷
‘‘পাৰিব পাৰিব !’’, অসমৰ ডাই হাৰ্ড ফুটবল প্ৰেমীৰ আশা কৰিলে ৷
‘‘পাৰিম পাৰিম ! কিয় নোৱাৰিম ?’’, ডম্বৰু খনিকৰ, অৰুণ বৰঠাকুৰ, স্বাধীন ডেকাৰজাহ’তে উৎসাহেৰে ক’লে ৷

সেই লীডাৰ্ছ এফ.ছি.ক অইলে ১-০ গোলত পৰাস্ত কৰে ৷ একেই ব্যৱধানত চতুৰ্থ ৰাউণ্ডত স্থানীয় দল দিল্লী পুলিছকো পৰাভূত কৰি অইল ইণ্ডিয়াই লীগ ষ্টেজত প্ৰবেশ কৰিবলৈ সক্ষম হয় ৷ গ্ৰুপ —বিত অইল ইণ্ডিয়াৰ সৈতে আছিল মালয়েছিয়াৰ ট্ৰেনগানু, ফাগুৱাৰাৰ জে.ছি.টি আৰু কলিকতাৰ ইষ্ট বেংগল দল ৷

‘‘ইমান দূৰ আহিল ৷ এতিয়া পাৰিব নে ?’’, অসমৰ ডাই হাৰ্ড ফুটবল প্ৰেমীৰ মনত প্ৰশ্ন উদয় হ’ল ৷
‘‘পাৰিব পাৰিব !’’, অসমৰ ডাই হাৰ্ড ফুটবল প্ৰেমীৰ আশা কৰিলে ৷
‘‘পাৰিম পাৰিম ! কিয় নোৱাৰিম ?’’, ডম্বৰু খনিকৰ, অৰুণ বৰঠাকুৰ, স্বাধীন ডেকাৰজাহ’তে উৎসাহেৰে ক’লে ৷

আৰম্ভ হ’ল কোৱাৰ্টাৰ ফাইনেলৰ লীগ ৷
৬ অক্টোবৰ, ১৯৭৭ চনঃ
ট্ৰেনগানুৰ হাতত অইল ৩—১ গোলত পৰাজিত হ’ল ৷ হয়তো আশা নিৰ্বাপিত হ’ব ৷ ডাই হাৰ্ড সকলে ৯ অক্টোবৰৰ সন্ধিয়াৰ আকাশবানীৰ বাতৰিলৈ বাট চাই থাকিল ৷ খবৰ আহিল, অইলে ইষ্ট বেংগলক ১—০ গোলত পৰাস্ত কৰিলে ৷

‘‘কোনে পায় আমাক !’’
১১ অক্টোবৰৰ সন্ধিয়া ডিগবৈৰ পৰা ধুবুৰীলৈ ফুটবল বলীয়া অসমীয়াই পুণৰ ৰৈ থাকিল সন্ধিয়াৰ বাতৰিলৈ ৷
উৎকণ্ঠা — পাৰিব নে বাৰু ? খবৰ আহিল, অইলে ফাগুৱাৰাক ২—১ গোলত পৰাস্ত কৰিলে ৷ ‘‘মাৰি দিলে, মাৰি দিলে !’’, ফুটবলত কোনো দলক হৰুৱালে ‘মাৰি দিলে’ বুলিয়ে কোৱা হয় ! পুৱাৰ বাতৰিত আচল হিচাব ওলাল ৷ গ্ৰুপত দ্বিতীয় স্থান দখল কৰি ‘আমাৰ অইল’ ডি.ছি.এম.ৰ ছেমিফাইনেলত !
1.J.C.T. MILLS 3 2 0 1 8- 2 4
2.OIL INDIA 3 2 0 1 4- 4 4
3.Trengganu 3 1 1 1 4- 8 3
4.East Bengal 3 0 1 2 1- 3 1

‘‘তাৰ মানে এইবাৰ ফাইনেল??’’, বিশ্বাস কৰিব নোৱাৰি কৰা প্ৰশ্ন ৷ ‘‘অঁ, অঁ !’’, আত্মবিশ্বাসেৰে দিয়া আশ্বাস ৷
‘‘স্পাৰ্টাক ইউনাইটেড সাংঘাতিক টীম কিন্তু ৷ বেছি ভাগ প্লেয়াৰ এফ.কে. ভল্গাৰ (সেই সময়ৰ ৰুছদেশৰ আন এটা ছেম্পিয়ন দল) ৷ আৰিয়ানছক (কলিকতাৰ) ৪—০, বি.এছ.এফক ৬—০ত মাৰি থৈছে ৷’’, সতৰ্কবাণী ৷

১৪ অক্টোবৰৰ সন্ধিয়াৰ বাতৰিত খবৰ আহিল, স্বপ্ন ভংগ হ’ল ৷ আচলতে স্পাৰ্টাকে সেইবাৰ অইলক মষিমূৰ কৰি দিলে ৷ ০—১০ গোলত পৰাস্ত হ’ব লগা হ’ল।তথাপিও অসমৰ নাম উজ্বলাই আহিবলৈ সক্ষম হৈছিল ৰাইজৰ মৰমৰ দলটোৱে !
টোকাঃ
এই প্ৰতিযোগিতাত ভাগ লোৱা দলটো বা খেলুৱৈ সকলৰ বিষয়ে অইলৰ ৱেবচাইটত উল্লেখ নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments