অলিম্পিয়া প্ৰতিবেদন
ব্ৰাজিলৰ কাক্সিয়াছ ডো ছুলত অহা ১-১৫ মে’ত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক ২০২২ ত অংশ ল’বলগীয়া ৰাষ্ট্ৰীয় দলত টাইকোৱানডোৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এগৰাকী খেলুৱৈ । তেওঁ হ’ল অভিনন্দন গোস্বামী । লক্ষ্ণৌত অনুষ্ঠিত যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ সুবাদত তেওঁ ভাৰতীয় দলত স্থান লাভ কৰে । তেওঁৰ পিতৃ বিহু সাধক, অসম আৰক্ষী (এছ বি, কাহিলীপাৰা)ৰ কৰ্মচাৰী নিৰঞ্জন গোস্বামী আৰু গৌৰী মহন্ত গোস্বামী ।
গুৱাহাটী বিৰুবাৰীৰ মূক বধিৰ কলেজৰ ছাত্র অভিনন্দনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল । অভিনন্দন হ’ল টাইকোৱানডোত ব্লেক বেল্ট লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী টাইকোৱানডো খেলুৱৈ । বধিৰ অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ।