অলিম্পিয়া প্ৰতিবেদন
৫ অক্টোবৰৰ দিনটো অসম পৰ্বতাৰোহণ সন্থাই পালন কৰিলে “পৰ্বতাৰোহণ দিৱস “হিচাপে । ১৯৭৯ চনৰ এই দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰতিস্থাপক ৰোহিনী কুমাৰ ভূঞাই।অসমৰ পৰ্বতাৰোহণ ক্ষেত্রখনলৈ ৰোহিনী কুমাৰ ভূঞাৰ অৱদান উল্লেখযোগ্য ।অসমক পৰ্বতাৰোহণ ক্ষেত্রত এক উন্নত শিখৰলৈ উত্তোলন কৰিছিল এইগৰাকী পৰ্বতাৰোহণৰ বাটকটীয়াই।
এইগৰাকী স্বনামধন্য পৰ্বতাৰোহীৰ মৃত্যু তিথিটো অসম পৰ্বতাৰোহণ সন্থাই ২০১২ চনৰ পৰা “পৰ্বতাৰোহণ দিৱস” হিচাপে পালন কৰি আহিছে ।তেওঁ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে সন্ধিয়া সন্থাৰ কাৰ্যালয়ত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে সন্থাৰ বিষয়-ববীয়াৰ লগতে কেইবাগৰাকীও পৰ্বতাৰোহী ।প্ৰয়াত ক্ৰীড়াবিদ জনৰ ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনোৱাৰ লগতে পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওৰ অৱদানৰ বিষয়ে সোঁৱৰিলে সন্থাৰ সদস্যসকলে ।
উল্লেখযোগ্য যে সন্থাৰ উদ্যোগত আগষ্ট আৰু চেপ্টেম্বৰ মাহত তিনিটাকৈ দুঃসাহসিক পৰ্বতাৰোহণ সম্পন্ন হৈছে।ইয়াৰ ভিতৰত যোগিন-৩ ৰ পৰ্বতাৰোহণ অন্যতম ।সন্থাৰ ৯ জনীয়া এটা দলে ২৬ আগষ্টত আৰোহণ কৰিছিল পৃথিৱীৰ অন্যতম সু-উচ্চ পৰ্ব্বতমালা যোগিন-৩। দলটোৰ দলপতি হিচাপে আছিল সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱা।
আনহাতে, অসমৰ ক্ৰীড়াক্ষেত্রৰ বাবে এক সুখবৰ।যোগিন-৩ লৈ যোৱা ৯ জনীয়া দলটোৱে এভাৰেষ্ট আৰোহণৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।পৰ্বতাৰোহণ বিচাৰক মণ্ডলীয়ে নিৰ্বাচিত কৰিলে দলটোৱে আৰোহণ কৰিব সু-উচ্চ এভাৰেষ্ট ।এভাৰেষ্ট আৰোহণৰ পথ প্ৰশস্ত হলেই পৰ্বতাৰোহণৰ ক্ষেত্রত অসমে গঢ়িব আন এক অভিলেখ ।প্ৰয়াত পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাৰ আৰ্দশৰেই অনুপ্ৰাণিত এইসকল সন্থাৰ সদস্য ।দুঃসাহসিক ক্ৰীড়াৰে পৃথিৱী জয় কৰিবলৈ সদা প্ৰস্তুত অসম পৰ্বতাৰোহণ সন্থা।