Tuesday, October 4, 2022
HomeNewsপ্ৰাক্তন এথলীট ত্ৰৈলোক্যনাথ দুৱৰাৰ দেহাৱসান,অসম এথলেটিকচ্ এচছিয়েশ্বনৰ শোক প্ৰকাশ

প্ৰাক্তন এথলীট ত্ৰৈলোক্যনাথ দুৱৰাৰ দেহাৱসান,অসম এথলেটিকচ্ এচছিয়েশ্বনৰ শোক প্ৰকাশ

অলিম্পিয়া প্ৰতিবেদন

প্ৰাক্তন ৰাষ্ট্ৰীয় এথলীট, পলভল্টাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক ত্ৰৈলোক্যনাথ দুৱৰাই যোৱা ২২ ডিচেম্বৰ বুধবাৰে নিজা বাসভৱনত স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । ৬০ দশকৰ এগৰাকী দুৰ্দান্ত ক্ৰীড়াবিদ দুৱৰাই এথলেটিকচ্ ইভেন্টত অনবদ্য প্ৰদৰ্শনেৰে ৰাজ্যখনত কৃতিত্ব অৰ্জন কৰিছিল ।তেওঁ অসম অলিম্পিকত পলভল্টত বিশেষ ৰেকৰ্ডেৰে সুনাম অৰ্জন কৰিছিল । তেওঁ অসম এমেচাৰ এথলেটিকচ্ সন্থাৰ প্ৰাক্তন উপ-সভাপতি পদত থকাৰ উপৰি ডিব্ৰুগড় জিলা প্ৰবীন এথলেটিকচ্ এচছিয়েশ্বনৰ উপ-সভাপতি পদ অলংকৃত কৰাৰ লগতে ভিন্ন ক্ৰীড়ানুষ্ঠানৰ সৈতে জড়িত হৈ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ অৰিহণা আগবঢ়াইছিল । তেওঁৰ মৃত্যুত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত অসম এথলেটিকচ্ এচছিয়েশ্বনৰ অপুৰণীয় ক্ষতি হল । মৃত্যুৰ সময়ত তেওঁ পৰিবাৰৰ লগতে একমাত্ৰ জীয়ৰী এথলেটিকচ্ এন আই এছ প্ৰশিক্ষক সঞ্চিতা দুৱৰা, জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয়ক সংসাৰত এৰি থৈ যায় । অসম এথলেটিকচ্ এচছিয়েশ্বনে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments