Tuesday, October 4, 2022
HomeNewsদীপা মালিক: হুইল চেয়াৰৰ পৰা আকাশ উচ্চ শিখৰলৈ এক বৰ্ণিল যাত্ৰা

দীপা মালিক: হুইল চেয়াৰৰ পৰা আকাশ উচ্চ শিখৰলৈ এক বৰ্ণিল যাত্ৰা

দেওবৰীয়া বিশেষ প্ৰতিবেদন

আত্মবিশ্বাস এনে এপাট চাবি, যিয়ে সফলতাৰ বাটত থকা সকলো প্ৰাচীৰ অতিক্ৰম কৰি আগুৱাই যোৱাত সহায় কৰে। এনে এক আত্মবিশ্বাসী মহিলাৰ নাম দীপা মালিক।

বিশেষভাৱে সক্ষম এইগৰাকী কৃতিমান ক্ৰীড়াবিদৰ জন্ম যেন ইতিহাস সৃষ্টি কৰিবলৈহে হৈছিল।।জীৱন যুঁজত কেতিয়াও হাৰ নমনা দীপাই হুইল চেয়াৰখনত বহি বহিয়েই এজন সুস্থ সবল মানুহে কৰিব নোৱাৰা বহু দুঃসাহসিক অভিযান সফলভাবে ৰূপায়ন কৰিছে।

মাত্ৰ ২৯ বছৰ বয়সতে শৰীৰৰ নিম্নাংশত পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ দীপাই হুইল চেয়াৰতে বহি জীৱনটোক নতুনকৈ সজাইছিল। আত্মবিশ্বাস, অদম্য সাহস আৰু কিবা এটা কৰাৰ হাবিয়াস অহৰহ বুকুত বান্ধি লৈ ফুৰা দীপাই আগুৱাই যাওঁতে সফলতাৰ সুনাম নিজে আহি তেওঁৰ হাতত ধৰা দিছে।

২০১৬ চনত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰা অলিম্পিক ক্ৰীড়াত ৰূপৰ পদক লাভ কৰি দীপা হৈ পৰিল এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

যিখন হুইলচেয়াৰ আকাশতকৈ ওখ

বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ বাবে বিখ্যাত দীপা। তেওঁ ১৭০০ কিলোমিটাৰ উচ্চতাৰ এক আঠদিনীয়া অভিযান শূণ্যতকৈ কম উষ্ণতাত সফলভাবে ৰূপায়ন কৰিছিল। এই অভিযান তেওঁ সাগৰ পৃষ্ঠৰ পৰা ১৮০০ ফুট উচ্চতাত আৰোহণ কৰিছিল। যি অভিযানৰ নাম আছিল ‘ৰেইড দে হিমালয়’। হিমালয়ৰ বহু ভিতৰুৱা ঠাই সামৰি লেহ, চিমলা আৰু জম্মুৰ মাজেৰে এই অভিযানৰ পথছোৱা আছিল।

দীপা হৈছে নাৰী শক্তিৰ প্ৰতীক। অলিম্পিকৰ বাহিৰেও দীপাই আন্তৰ্জাতিক ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ হ’ল- ২০১৫ চনত ডোহাত অনুষ্ঠিত আই পি চি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত পঞ্চম স্থান, আই পি চি এছিয়ান ওছেনিয়া চেম্পিয়নশ্বিপত জেভেলীন থ্ৰ’ত সোণ আৰু শ্বটপুটত এটা ৰূপ, এছিয়ান পেৰা ক্ৰীড়া ২০১৪ ত জেভেলিন থ্ৰ’ত ৰূপৰ পদক, আই পি চি দ্বিতীয় চীন মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১৪ ত বেইজিঙত সোণৰ পদক, প্ৰথম মালয়েছিয়ান মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১২ ত জেভেলিন আৰু ডিছকাছ থ্ৰ’ত দুটা সোণৰ পদক, আই ডব্লিউ এ এছ ৱৰ্ল্ড গেমছ ২০১১ ত দুটা ব্ৰঞ্জএ পদক, আই পি চি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ ২০১১ ত ৰূপৰ পদক, এছিয়ান ক্ৰীড়া ২০১০ ত ব্ৰঞ্জৰ পদক, চি পি স্পৰ্টছ ২০১০ ত ইংলেণ্ডত তিনিটা সোণৰ পদক, আই ডব্লিউ এ এছ ৱৰ্ল্ড গেমছ ২০০৯ ত ব্ৰঞ্জৰ পদক। ইয়াৰ উপৰি দীপাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ক্ষেত্ৰত মুঠ ৪৭ সোণ, ৫ টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে।

অৰ্জুন আৰু দেশৰ খেলৰত্ন দীপা

দীপা যেন এক অফুৰন্ত শক্তিৰ ভঁৰাল। এটাৰ পাছত এটাকৈ ক্ৰীড়া জগতৰ বিভিন্ন ক্ষেত্ৰত চমক সৃষ্টি কৰি আগুৱাই হৈছে দীপা। দীপাৰ এই সাহস তথা সফলতাক সন্মন জনাই ভাৰত চৰকাৰে তেওঁক ২০১২ চনত অৰ্জুন বঁটা প্ৰদান কৰিছে। ইয়াৰ উপৰি ২০১৪ চনৰ ৰাষ্ট্ৰপতিৰ আদৰ্শ ব্যক্তি পদক, মহাৰাষ্ট্ৰ চৰকাৰে আগবঢ়োৱা ২০০৯-১০ বৰ্ষৰ মহাৰাষ্ট্ৰ ছত্ৰপতি বঁটা, হাৰিয়ানা চৰকাৰে আগবঢ়োৱা ২০০৮ বৰ্ষৰ হাৰিয়ানা কৰ্মভূমি বঁটা লাভ কৰে। ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাও এই গৰাকী খেলুৱৈয়ে লাভ কৰিছে।

হাৰিয়ানাৰ ছনিপাত জিলাত জন্মগ্ৰহণ কৰা দীপা মালিক সকলো ব্যক্তিৰ বাবে আদর্শৰ প্ৰতীক। বৰ্তমান দুগৰাকী কন্যা সন্তানৰ মাতৃ দীপা কৰ্ণেল বিক্ৰম সিঙৰ পত্নী। জীৱনৰ ঘাত প্ৰতিঘাতক সাহসেৰে মোকাবিলা কৰি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰি এইগৰাকী কিম্বদন্তী খেলুৱৈ হৈ পৰিছে আজি সকলোৰে প্ৰেৰণাৰ উৎস।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments