Friday, September 30, 2022
HomeNewsক্ৰিকেট সম্পাদকৰ বিয়োগত এচিএৰ শোক

ক্ৰিকেট সম্পাদকৰ বিয়োগত এচিএৰ শোক

তিতাবৰ ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক আছিফ ইকবাল হুছেইনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই। দীৰ্ঘদিন ধৰি অসুখত ভুগি থকা ইকবালে যোৱা ১৮ জুনত ন আলিস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে। ২০০৭ৰ পৰা মৃত্যুৰ সময়লৈকে তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদকৰ দায়িত্বত থকা আছিফ দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ক্ৰীড়াৰ বিকাশৰ সৈতে জড়িত আছিল। জনপ্ৰিয় ক্ৰীড়া সংগঠক গৰাকীৰ বিয়োগে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। মৃত্যুৰ সময়ত তেওঁৰ পত্নী পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে। এক শোক বাৰ্তাত এচিএৰ সভাপতি আৰু সম্পাদকে আছিফৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments