অলিম্পিয়া বিশেষ প্ৰতিবেদন
✍️পূৰ্ণানন্দ নেওগ
মাজে মাজে এজাক ধুমুহা আহে। ভাৰতীয় ট্ৰেকলৈ নামি অহা সেই ধুমুহাৰ নাম যদি কেতিয়াবা পি টি ঊষা হয়, আন কেতিয়াবা আকৌ সেয়া দুতি আৰু কেতিয়াবা হিমা হয়। সময়ে লিখি যোৱা ইতিহাসৰ পাতত মাত্ৰ যোগ হয় একোটা নতুন পৃষ্ঠাৰ। ভাৰতীয় এথলিট ক্ষেত্ৰত হিমা দাস, দুতি চান্দৰ পিছত আকৌ এক ধুমুহাৰ নাম শিৰত লিখি প্ৰৱেশ ঘটিছে ধনলক্ষ্মীৰ। ভাৰতীয় ট্ৰেকৰ বৰদৈচিলাজনী হৈ আহিছে এইবাৰ তামিলনাডুৰ জীয়ৰী ধনলক্ষ্মী।
১০০ মিটাৰ আৰু ২০০ মিটাৰত ভাৰতীয় ট্ৰেকৰ দুগৰাকীকৈ তাৰকা এথলিট হিমা দাস আৰু দুতি চান্দক পৰাস্ত কৰি ৰাতিটোৰ ভিতৰতে সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰিল এইগৰাকী ২২ বছৰীয়া যুৱতী। পাটীয়ালা এন আই এছ কেন্দ্ৰত চলি থকা ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ১০০ মিটাৰত দুতি চান্দক পৰাস্ত কৰাৰ পিছতেই ২০০ মিটাৰত আন এগৰাকী তাৰকা স্প্ৰিন্টাৰ হিমা দাসক প্ৰাৰম্ভিক ৰেচত পৰাস্ত কৰি দেশৰ এথলেটিক ক্ষেত্ৰত খলকনিৰ সৃষ্টি কৰে ধনলক্ষ্মীয়ে। ২০০ মিটাৰৰ চূড়ান্ত ৰেচতো এখোপ আগুৱাই ধনলক্ষ্মীয়ে পি টি উষাৰ মিট ৰেচৰ পূৰ্বৰ অভিলেখ ভংগ কৰে,যিটো অভিলেখ পি টি ঊষাই স্থাপন কৰিছিল আজিৰ পৰা ২৩ বছৰ পূৰ্বে। অৰ্থাৎ তেতিয়া পৃথিৱীৰ মুখেই দেখা নাছিল ধনলক্ষ্মীয়ে। এনেবোৰ কাৰণতেই এটা ৰাতিৰ ভিতৰতে ভাৰতীয় এথলেটিক ক্ষেত্ৰৰ নৱতম চাঞ্চল্য হিচাবে পৰিগণিত হৈছে ধনলক্ষ্মী। কিন্তু ধনলক্ষ্মীৰ এই যাত্ৰা ইমান মসৃণ নাছিল। ঘাত-প্ৰতিঘাতৰ এক দীঘলীয়া সময় পাৰ কৰি এই স্থানত উপনীত হৈছেহি ধনলক্ষ্মী। জানো আহকচোন ট্ৰেক আৰু ফিল্ডৰ নতুন ৰাণী ধনলক্ষ্মীৰ বিষয়ে কিছু কথা।
ধনৰ অধিষ্ঠাত্রি দেৱী লক্ষ্মীৰ নামেৰেই তাইৰ নাম। তথাপি জীৱনত দুখ যন্ত্ৰণা কম নাছিল। আৰ্থিক দীনতাৰ মাজতেই পাৰ হৈছিল শৈশৱ আৰু কৈশোৰ। পিতৃয়ে সৰুতেই তাইৰ লগ এৰিলে। পিতৃৰ মৃত্যুৰ পিছত মাকেই আছিল তাইৰ সকলো। মাকে আনৰ ঘৰত কাম কৰি অশেষ কষ্টৰে তেওঁৰ সৈতে আৰু আৰু দুটি কন্যা সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে। প্ৰথমতে নিজৰ দৰিদ্ৰ ঘৰখনক সকাহ দিয়াৰ উদ্দেশ্যে এটা চৰকাৰী চাকৰিৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰিহে ধনলক্ষ্মীয়ে খেলপথাৰত ভৰি দিছিল। ক্রীড়াক এটা কেৰিয়াৰ হিচাবে লৈ আগবাঢ়িব বিচাৰিছিল ধনলক্ষ্মীয়ে। তাৰ বাবেই প্ৰথমে খো খো খেলিবলৈ লয়। কিন্তু খো-খোত সফল হব পৰা নাছিল তাই। ২০১৭ত তাইৰ বৰ্তমানৰ প্ৰশিক্ষক মণিকন্দন অৰুণমুগামে তাইক খো খো ত্যাগ কৰাৰ পৰামৰ্শ দিছিল। বিপৰীতে এথলেটিকছত যোগ দিয়াৰ বাবে উৎসাহ যোগাইছিল তামিলনাডুৰ এসময়ৰ তাৰকা স্প্ৰিন্টাৰগৰাকীয়ে। কিন্তু এই খিনিতে প্ৰশ্নৰ উদয় হয় ধনলক্ষ্মীৰ মাজত এনে কি বিশেষ গুণ দেখা পাইছিল মণিকন্দনে,যাৰ বাবে এথলেটিকছত নমাৰ বাবে তেওঁ ধনলক্ষ্মীক উৎসাহিত কৰিছিল? ই এছ পি এনৰে হোৱা এক সাক্ষাৎকাৰত মণিকন্দনে স্বীকাৰ কৰিছে যে, বিশেষ একো নাছিল ধনলক্ষ্মীৰ। আন দহজনী খেলুৱৈৰ দৰে আছিল ধনলক্ষ্মীও। কিন্তু, তাইৰ আছিল ‘ৰ স্পীড'( Raw Speed), যিটো নেকি কাৰোবাক শিকাই ল’ব পৰা গুণ নহয়। মণিকন্দনেই ধনলক্ষ্মীক পোহৰ দেখুৱাইছিল। সেই পোহৰৰ মাজতেই উদ্ভাসিত হৈ ধনলক্ষ্মী আজি জিলিকি উঠিছে।
২০১৮ৰ পৰাই এথেলেটিকছ ক্ষেত্ৰত নিজৰ উপস্থিতিৰ উমান দিবলৈ সক্ষম হৈছিল ধনলক্ষ্মীয়ে। সেইবাৰ তামিলনাডু ৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰ উভয়তে তৃতীয় স্থান লাভ কৰিছিল ধনলক্ষ্মীয়ে। অৱশ্যে, ধনলক্ষ্মীৰ প্ৰথমটো বৃহৎ সফলতা আহে একেটা বৰ্ষৰে শেষাৰ্ধত। ইউনিভাৰ্চিটি মিটত ৰাষ্ট্ৰীয় ১০০ মিটাৰ অপেন শাখাৰ চেম্পিয়ন এ চন্দ্ৰলেখাক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ হয় ধনলক্ষ্মীয়ে। ২০১৯ বৰ্ষটো আছিল এথলিটগৰাকীৰ বাবে এটা ব্যস্ত বৰ্ষ। পাটীয়ালাত অনুষ্ঠিত ফেডাৰেচন কাপত ২০০ মিটাৰত ব্ৰঞ্জ দখল কৰাৰ পিছত সেই বৰ্ষতে নিজৰ প্ৰথমটো বিদেশ ভ্ৰমণত উজলি উঠে এথলিটগৰাকী। ১০০ মিটাৰ আৰু ২০০ মিটাৰত ক্ৰমে ৰূপ আৰু স্বৰ্ণ দখল কৰি ভাৰতীয় ক্রীড়া মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ধনলক্ষ্মী। ২০২০য়ে ধনলক্ষ্মীৰ কেৰিয়াৰতো আন এক আশাৰ বতৰা কঢ়িয়াই আনে। উৰিষ্যাত আয়োজিত প্ৰথম ইউনিভাৰ্চিটি যুৱ ক্ৰীড়াত দুতি চান্দৰ হাতত পৰাজয় স্বীকাৰ কৰি ৰূপ দখল কৰে তাই। ২০২১ৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা তামিলনাডু ৰাজ্যিক মিটত ১০০ আৰু ২০০ মিটাৰত স্বৰ্ণ জয় কৰে ধনলক্ষ্মীয়ে।
ইয়াৰ পিছৰখিনি আৰু ইতিহাস। ফেডাৰেচন কাপত দুতি আৰু হিমাক পৰাস্ত কৰাৰ পিছত ধনলক্ষ্মীয়ে কয়, “মই জানিছিলোঁ যে মই হিমা দাস আৰু দুতি চান্দৰ বিপক্ষে প্ৰতিদ্বন্দিতা কৰিছো, কিন্তু সেই কথাই মোক প্ৰেৰণাহে যোগাইছিল। তেওঁলোকৰ প্ৰতিয়েই সকলোৰে দৃষ্টি নিবদ্ধ থাকে, কোনেও আন খেলুৱৈক বিশেষ গুৰুত্বও নিদিয়ে। মই সেই পৰম্পৰাক সলনি কৰিবলৈ বিচাৰিছিলো।”
সঁচাই, এক নতুন পৰম্পৰা সৃষ্টি কৰিলে তামিলনাডুৰ ২২ বছৰীয়া এই বিশেষ যুৱতীয়ে। এতিয়াৰে পৰা ট্ৰেকত নামিলে কেৱল হিমা, দুতিক লৈয়ে ক্রীড়া অনুৰাগী অথবা সংবাদমাধ্যম ব্যস্ত হৈ নাথাকিব, তেওঁলোকৰ সৈতে তালিকাত আৰু এক নাম যোগ হ’ল। এতিয়াৰে পৰা ট্ৰেকত নামিলে ধনলক্ষ্মী বোলা নামৰো চর্চা হব সৰ্বত্ৰে।