Tuesday, October 4, 2022
HomeNewsশুভ জন্মদিন ধনৰাজ পিল্লাই: ভাৰতীয় হকীৰ চমৎকাৰী পুৰুষজন!!

শুভ জন্মদিন ধনৰাজ পিল্লাই: ভাৰতীয় হকীৰ চমৎকাৰী পুৰুষজন!!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

ভাৰতীয় হকীয়ে লাভ কৰা কিম্বদন্তী খেলুৱৈসকলৰ এজন তেওঁ। ধনৰাজ পিল্লাই। ভাৰতীয় হকীৰ এসময়ৰ প’ষ্টাৰ বয়। ধ্যানচান্দে কাটি দিয়া বাট বুলি ভাৰতীয় হকীক চহকী কৰি তোলা সেই ধনৰাজ পিল্লাইৰে আজি ৫২ তম জন্মদিন। বহুদিন চৰ্চাৰ পৰা আঁতৰি আছে ধনৰাজ পিল্লাই নামটো। তথাপি ভাৰতীয় হকীৰ নাম ল’বলৈ যাওঁতে তেওঁৰ নাম নোলোৱাকৈ থকাটো অসম্ভৱ।

মহাৰাষ্ট্ৰৰ পুনেত ধনৰাজ পিল্লাইৰ জন্ম হৈছিল ১৯৬৮ চনত। তেওঁ এনে এগৰাকী ফৰৱাৰ্ড আছিল যি যিকোনো সময়তে প্ৰতিপক্ষক বিপদত পেলোৱাৰ সক্ষমতা ৰাখিছিল। ভাৰতৰ হৈ ৩৩৯ খন মেচত ১৭০ টা গ’ল কৰিবলৈ সক্ষম হৈছিল তেওঁ।

পিল্লাইৰ বাবে আৰম্ভণি সহজ নাছিল। দৰিদ্ৰ পৰিয়ালটোৰ পাঁচটা সন্তানৰ এজন আছিল পিল্লাই। প্ৰথমে বাঁহৰ লাখুটিৰে হকী ষ্টিক তৈয়াৰ কৰি খেলিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল ১৯৮৯ চনত। ১৫ বছৰ দেশৰ হৈ খেলিছিল তেওঁ। ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ২০০০ চনত আগবঢ়াইছিল পদ্মশ্ৰীৰ সন্মান।

বৈচিত্ৰ্যময় কেৰিয়াৰ আছিল তেওঁৰ

এক বৈচিত্ৰ্যময় কেৰিয়াৰ আছিল পিল্লাইৰ। তেওঁ চাৰিবাৰকৈ অলিম্পিক( ১৯৯২,১৯৯৬,২০০০,২০০৪) চাৰিবাৰ হকী বিশ্বকাপ ( ১৯৯০,১৯৯৪,১৯৯৮,২০০২) ,চাৰিটা চেম্পিয়নছ ট্ৰফী( ১৯৯৫,১৯৯৬, ২০০২,২০০৩) আৰু চাৰিবাৰকৈ এছিয়ান গেমছ( ১৯৯২,১৯৯৬,২০০০,২০০২) ত ভাগ লৈছিল। এই কৃতিত্ব অর্জন কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ। তেওঁ ১৯৯৮ চনৰ এছিয়ান গেমছ আৰু ২০০৩ ৰ এছিয়া কাপৰ ভাৰতীয় দলৰ নেতৃত্বত আছিল। ২০০২ চনত জাৰ্মানীত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত তেওঁ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰিছিল।

ভাৰতীয় দলৰ বাহিৰেও তেওঁ বহুকেইটা ক্লাবৰ হৈও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইণ্ডিয়ান জিমখানা, চেলনগ’ৰ এ এছ এ, মাৰাঠা ৱাৰিয়ৰ্ছ, কৰ্ণাটাকা লায়ন্স আদি দলৰ হৈ তেওঁ খেলত অংশগ্ৰহণ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments