Tuesday, October 4, 2022
HomeNewsধোনিৰ দীঘলীয়া শ্বট ৰাইনাৰ সুহুৰি : চাওক ভাইৰেল ভিডিঅ'

ধোনিৰ দীঘলীয়া শ্বট ৰাইনাৰ সুহুৰি : চাওক ভাইৰেল ভিডিঅ’

অলিম্পিয়া প্ৰতিবেদন

যোৱা ৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনি আৰু সুৰেশ ৰাইনাই পুনৰ নামিব খেল পথাৰত। ধোনি আই পি এলৰ CSK দলৰ অধিনায়ক হোৱাৰ বিপৰীতে ৰাইনা একেটা দলৰে বেটছমেন। দুয়োগৰাকী ক্ৰিকেটাৰৰ যুটী সকলোৰে প্ৰিয়। সকলোৱে জানে নিশ্চয় আই পি এলৰ সৰ্বাধিক ৰান কৰা খেলুৱৈৰ তালিকাত ৰাইনা আছে দ্বিতীয় স্থানত।

ইউ এ ইত উপস্থিত হোৱাৰ পিছতে এতিয়া CSK ৰ এক অনুশীলনৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে দলটোৰ অফিচিয়েল টুইটাৰ একাউণ্টত। এই অনুশীলনৰ ভিডিঅ’ত ধোনি আৰু ৰাইনাক দেখিবলৈ পোৱা গৈছে অন্যান্য ৰূপত।

কালি CSK ৰ অফিচিয়েল টুইটাৰ একাউণ্টত আপলোড কৰা এক ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ধোনিয়ে নেট অনুশীলনত কেইবাটাও দীঘলীয়া শ্বট খেলিছে আৰু ৰাইনাই সুহুৰি মাৰিছে। ধোনিয়ে নিজস্ব স্বভাৱসুলভ ভংগীমাৰে দীঘলীয়া শ্বট খেলা এই ভিডিঅ’ আপলোড কৰাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে।

কালি ইউ এ ইত উপস্থিত হোৱা CSK দলটো ৬ টা দিনৰ বাবে কোৱাৰেণ্টাইন হ’ব লাগিব। ইয়াত পিছতে কেইদিনমান অনুশীলন আৰু তাৰ পিছত ১৯ ছেপ্টেম্বৰৰ পৰা সকলোৰে অপেক্ষাৰ অন্ত পেলাই আৰম্ভ হ’ব আই পি এল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments