অলিম্পিয়া প্ৰতিবেদন
সীমান্তত চীনা সৈন্যৰ আক্ৰমণত ২০ গৰাকীকৈ ভাৰতীয় সেনা নিহত হোৱা বেছি দিনৰ কথা নহয়। ভাৰতীয়ৰ মনত সেই ক্ষোভ, প্ৰতিশোধৰ অগণি আজিও উমি উমি জ্বলি আছে। দেশৰ চৰকাৰে আন একো কৰিব নোৱাৰিলেও চীনা এপ অলপকে নিষিদ্ধ ঘোষণা কৰিছে। ভাৰতীয়ই তাকে লৈ সন্তোষ লভিছে। বাৰু সি যি কি নহওঁক সেয়া আছিল চীনা এপ নিষিদ্ধকৰণৰ আঁৰৰ ৰাজনীতি। এতিয়া ধোনি আকৌ কিয় সমালোচিত হৈছে সেয়াহে আমাৰ লেখাৰ বিষয়।
চীনা বিদ্বেষৰ ফলত এইবাৰ ভাৰতত আই পি এলৰ স্পনছ’ৰশ্বিপ লাভ নকৰিলে স্মাৰ্টফোন নিৰ্মানকাৰী ভিভ’ই। তাৰ বিপৰীতে ভাৰতৰ অনলাইন গেমছৰ এপ ড্ৰিম ইলেভেনে লাভ কৰিলে টাইটেল স্পনছ’ৰশ্বিপ। ভিভ’ই চীনা প্ৰতিষ্ঠান হোৱাৰ বাবে স্পনছ’ৰশ্বিপৰ পৰা আঁতৰিলে যদিও এতিয়া আন এক চীনা প্ৰতিষ্ঠান অ’প’ৰ সৈতে চুক্তিবদ্ধ হৈছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনি। তাৰ বাবে সমগ্ৰ দেশ জুৰি এতিয়া সৰব চর্চা হৈছে।
মোবাইল নিৰ্মাতা প্ৰতিষ্ঠান হিচাবে বেছ কিছু নাম আছে অ’প’ৰ। তাৰ বাবেই এতিয়া আই পি এল আৰম্ভ হোৱাৰ আগে আগে ধোনিৰ সৈতে চুক্তিবদ্ধ হৈছে চীনা প্ৰতিষ্ঠানটি। দুবাৰকৈ দেশলৈ বিশ্বকাপ কঢ়িয়াই অনা ধোনিৰ এই কাণ্ডত এতিয়া হতভম্ব হৈছে ক্ৰিকেটানুৰাগী। ধোনিৰ জাতীয় প্ৰেমক লৈ প্ৰশ্ন তুলিছে এতিয়া বহুজনে। বহুতৰে বিশ্বাস হোৱা নাই। তীব্ৰ সমালোচনা কৰিছে ধোনিক ভাল পোৱাজনেও।
অৱশ্যে, অ’প’ৰ সৈতে চুক্তিবদ্ধ হৈ আনন্দিত ধোনি। কৈছে, মানুহক উৎসাহ যোগাবলৈ পাই ভীষণ সুখী তেওঁ। “আপোনালোকৰ সৈতে চুক্তিবদ্ধ হ’বলৈ পাই সুখী হৈছোঁ।”
উল্লেখযোগ্য যে এইবাৰৰ আই পি এল অনুষ্ঠিত হ’ব আজিৰ পৰা ইউনাইটেড আৰব এমিৰাটছত। আজিৰ প্ৰথমখন খেলত ভাগ ল’ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে।