Monday, October 3, 2022
HomeNewsৰিকী পণ্টিঙতকৈ শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনী: মাইকেল হাচি

ৰিকী পণ্টিঙতকৈ শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনী: মাইকেল হাচি

অলিম্পিয়া বাৰ্তা

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ চেন্নাই দলৰ খেলুৱৈ মাইকেল হাচিৰ মতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী অষ্ট্ৰেলিয়া দলৰ একালৰ অধিনায়ক ৰিকী পণ্টিঙতকৈ শ্ৰেষ্ঠ।

মাইকেল হাচি এনে এজন খেলুৱৈ যিজনৰ ধোনী আৰু পণ্টিং দুয়োগৰাকী অধিনায়কৰ অধীনত খেলাৰ অভিজ্ঞতা আছে। হাচিয়ে দুয়োজনকে ওচৰৰ পৰা পাইছে। উল্লেখযোগ্য যে হাচি ২০০৭ চনৰ পণ্টিঙৰ নেতৃত্বৰ অষ্ট্ৰলিয়া দলৰ এজন নিৰ্ভৰযোগ্য বেটছমেন আছিল। সেইবাৰ দলটোৱে বিশ্বকাপো দখল কৰিছিল। আনহাতে পণ্টিঙৰ নেতৃত্বতে ২০০৬ আৰু ২০০৯ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীতো অংশ লৈছিল এইজন ক্ৰিকেটাৰে।

ক্ৰীড়া সাংবাদিক ৰৌনাক কাপুৰৰ সৈতে ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তে হোৱা এক সাক্ষাৎকাৰত মাইকেল হাচিয়ে আৰু কয়, “ৰিকী পণ্টিং এগৰাকী অন্যতম শ্ৰেষ্ঠ অধিনায়ক। সকলো পৰিস্থিতিতে দলটোক অগ্ৰাধিকাৰ দিয়াৰ চিন্তা ধাৰাৰে পৰিচালিত হয় তেওঁ। তেওঁ কেৱল জয়ী হ’বলৈ বিচাৰে। তেওঁ ড্ৰেছিং ৰুমৰ ভিতৰত যেতিয়া আজৰি সময়ত টেবুল টেনিছ খেলে, তেতিয়াও জিকিবলৈহে খেলে। মুঠতে তেওঁ দলৰ প্রদর্শনক যিকোনো প্ৰকাৰে শ্ৰেষ্ঠ ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰে।”

পণ্টিঙৰ তুলনাত ধোনী আকৌ সম্পূৰ্ণ বেলেগ ধৰণৰ এগৰাকী অধিনায়ক। দুয়োগৰাকীয়ে নিজস্ব ধৰণেৰে দলৰ সতীৰ্থসকলক প্ৰভাৱিত কৰিছিল।

ধোনীৰ সম্পৰ্কত তেওঁ কয়,” ধোনী যথেষ্ট শান্ত স্বভাৱৰ অধিনায়ক। তেওঁ পৰিস্থিতিক ভালদৰে অধ্যয়ন কৰিবলৈ জানে। আৰু পৰিস্থিতি সাপেক্ষে দলৰ নীতি নিৰ্ধাৰণ কৰাত তেওঁৰ সমান কোনো নাই। এইটো ক্ষেত্ৰত তেওঁ পণ্টিঙতকৈ যথেষ্ট আগত আছে।”

তেওঁ লগতে কয়, “পণ্টিঙৰ নেতৃত্বও শলাগিবলগীয়া আছিল। কিন্তু ধোনীয়ে খেল পথাৰত তাৎক্ষণিক ভাৱে যিবোৰ সিদ্ধান্ত লয়, তাৰ পৰা এই কথা ভাবিবলৈ বাধ্য হওঁ যে তেওঁ এনেকুৱা সিদ্ধান্ত কিয় ল’লে? এই ৰণনীতিয়ে কাম আহিব জানো? তেওঁৰ মগজুত এই চিন্তা কেনেকৈ উদ্ভৱ হ’ল। কিন্তু এনেবোৰ সিদ্ধান্তৰ আঁৰত তেওঁৰ নিজৰ ওপৰত থকা বিশ্বাসৰ কথাটোও ক’ব লাগিব।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments