নিউজ ডেস্ক ৰিপ’ৰ্ট
বিজেপিত যোগদান কৰিব ভাৰতীয় ক্ৰিকেট দলৰ অভূতপূৰ্ব অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে! ৭৪ তম স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ধোনিক লৈ সকলোৰে ন ন জল্পনা-কল্পনা। কোনোৱে যদি তেওঁ ভাৰতীয় সেনাৰ হৈ সীমান্তত দেশৰ সুৰক্ষাৰ কামত নিজকে নিয়োগ কৰিব বুলি প্ৰচাৰ চলাইছে আন কোনোৱে আকৌ তেওঁৰ ব্যৱসায়ত মনোনিবেশ কৰিব বুলিও প্ৰচাৰ চলাইছে। শেহতীয়াকৈ তেওঁৰ বহু কেইটা প্ৰতিষ্ঠানৰ তালিকা সামাজিক মাধ্যমত প্ৰকাশ পাইছে। এইসকলোবোৰৰ উপৰিও শেহতীয়াকৈ একাংশই দাবী উত্থাপন কৰিছে যে ধোনিয়ে শাসনাধিস্ত বিজেপি দলত যোগদান কৰিব। এই দাবীৰ অৱশ্যে কাৰণ নোহোৱা নহয়।
কিছুদিনৰ পূৰ্বে বিজেপি সাংসদ মনোজ তিৱাৰীয়ে ধোনিক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছিল। এক সাক্ষাৎকাৰত তেওঁ মুকলিকৈ ধোনিক বিজেপিত যোগদান কৰিবলৈ কৈ তেওঁক লৈ এক সংগীতো পৰিবেশন কৰিছিল।
ধোনিয়ে অৱসৰ লোৱাৰ পিছতেই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ধোনিক লৈ টুইটাৰত এক প’ষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, ‘নিজৰ খেলৰ জৰিয়তে ধোনিয়ে লক্ষ্য লক্ষ্য মানুহক আনন্দ দিছে। আশা কৰিছোঁ, অনাগত দিনত ভাৰতীয় ক্ৰিকেটক আৰু অধিক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিব। তেওঁৰ ভৱিষ্যতৰ বাবে অনেক শুভেচ্ছা জনালোঁ।বিশ্ব ক্ৰিকেটে হেলিকপ্তাৰ শ্বট মিচ কৰিব।’ অমিত শ্বাহৰ এই টুইটৰ পিছতেই নেটিজেনসকলে ধোনিৰ সৈতে অমিত শ্বাহৰ এখন পুৰণি ফটো আপল’ড কৰি ধোনিৰ বিজেপি গমনৰ কথা প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। একাংশ নেটিজেনে দাবী তুলিছে যে ধোনিক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে। কেৱল ধোনিক লৈয়ে যে এনে চৰ্চা চলিছে তেনে নহয়। ধোনিৰ সৈতে ৰাইনায়ো বিজেপিত যোগদান কৰিব বুলিও এক প্ৰচাৰ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে।