অলিম্পিয়া প্ৰতিবেদন
এইবাৰ মহেন্দ্ৰ সিং ধোনিয়ে উৎপাদন কৰা শাক-পাচলি খাব পাৰিব সাধাৰণ জনতাই। বিশ্ব ক্ৰিকেটক এক অনন্য ক্ৰিকেটিয় সুৱাদ দিয়াৰ পিছত এইবাৰ খেতি পথাৰৰ শস্যৰ সুৱাদ দিবলৈ আগবাঢ়িছে ধোনি। তিনিবছৰ পূৰ্বে আৰম্ভ কৰা ফাৰ্মত এতিয়া উৎপাদন হৈছে ভিন্ন ধৰণৰ শাক-পাচলি। ইয়াৰ উপৰিও পঞ্জাৱৰ পৰা অনা ৬০ জনী বিশেষ প্ৰজাতিৰ গৰুৰ পৰা পূৰ্ণৰূপত উৎপাদন হৈছে দুগ্ধ।
তিনিবছৰ পূৰ্বে ধোনিয়ে আৰম্ভ কৰিছিল এক অৰ্গনেকি কৃষি ফাৰ্ম। এতিয়া ধোনিৰ সেই ফাৰ্মৰ পৰাই অৰ্গনেকি শস্য বজাৰলৈ উলিয়াই দিছে। ধোনিৰ এই ফাৰ্মৰ পৰা বৰ্তমান বিলাহী আৰু গাখীৰ বজাৰলৈ উলিয়াই দিয়া হৈছে যদিও কেইদিনমান পিছতেই বান্ধা কবি,ফুল কবি,বিন,ব্ৰকলি আৰু ষ্ট্ৰবেৰী আদিও বজাৰলৈ উলিয়াই দিব।

ধোনিৰ ফাৰ্মৰ প্ৰতি কিলোগ্ৰাম বিলাহী ৪০ টকাকৈ বিক্ৰী হোৱাৰ লগতে প্ৰতি লিটাৰ গাখীৰ ৫৫ টকাত বিক্ৰী হৈছে। ইয়াৰ উপৰিও কড়কনাথ নামৰ এক বিশেষ প্ৰজাতিৰ মুৰ্গী পালন কৰিছে।
ধোনিৰ ফাৰ্মৰ মাৰ্কেটিংৰ দিশটো চোৱাচিতা কৰা শিৱানন্দই সংবাদ মাধ্যমৰ আগত কয় যে, ধোনিয়ে কিছুদিন পূৰ্বে মোক মাতে আৰু কয় যে ফাৰ্মত শাক-পাচলি আৰু দুগ্ধ উৎপাদন হৈছে। ইয়াৰ মাৰ্কেটিং কৰিব লাগে। ইয়াৰ মাৰ্কেটিং কৰিব লাগে। ইয়াৰ উপৰিও তেওঁ কয় যে এই ফাৰ্মত উৎপাদন হোৱা গাখীৰ বিশুদ্ধ। ইয়াত পানী বা অন্য দ্ৰব্যৰ মিশ্ৰণ কৰা নহয়।