অলিম্পিয়া প্ৰতিবেদন
অসম লন বলিং সন্থাৰ উদ্যোগত সৰুসজাই ক্রীড়া প্ৰকল্পত আয়োজিত নৱম সদৌ অসম আন্তঃজিলা লন বলত চেম্পিয়নৰ খিতাপ লাভ কৰিছে ডিব্ৰুগড় জিলাই। ২৮ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছে ক্ৰমে গোলাঘাট আৰু শিৱসাগৰ জিলাই।
লন বলিং সন্থাৰ ১১ খন স্বীকৃতিপ্ৰাপ্ত জিলাই অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ খেলুৱৈসকলে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। জিলাখনৰ খেলুৱৈসকলে ২ টাকৈ স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰাৰ বিপৰীতে গোলাঘাট জিলাই ২ টা স্বৰ্ণ, ১ টাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদকৰে অভিযান সামৰে।
চেম্পিয়নশ্বিপখনৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান ডিব্ৰুগড়ৰ ৰূপতো গগৈয়ে লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰে গোলাঘাটৰ নয়নমণি শইকীয়াই।
দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম লন বলিং সন্থাৰ সভাপতি দুৰ্গা দাস বড়ো, উপ সভাপতি অনুপ চৌধুৰী, নিক্ষেশ্বৰ শইকীয়া, সম্পাদক নৱ বসুমতাৰী, অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম চৌধুৰী আদিকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল।