Wednesday, September 28, 2022
HomeNewsযিসকল ফুটবলাৰ খেলপথাৰত ত্যাগ কৰিলে শেষ নিশ্বাস

যিসকল ফুটবলাৰ খেলপথাৰত ত্যাগ কৰিলে শেষ নিশ্বাস

বৰ্তমান সময়ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মিডফিল্ডাৰ সকলৰ ভিতৰত অন্যতম মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকছন৷ চলিত ইউৰো কাপৰ গ্ৰnপ পৰ্যায়ত ফিনলেণ্ডৰ সৈতে খেলি থকাৰ সময়তেই খেলপথাৰত হঠাৎ বাগৰি পৰে এৰিকছন৷ তেতিয়া খেলৰ ৪৩ মিনিট খেল পথাৰৰ মাজতেই চি পি আৰ [মুখে মুখ লগাই দিয়া স্পৰ্শ] দিয়ে সতীৰ্থ খেলুৱৈ আৰু স্বস্থ্য কৰ্মীয়ে৷ তৎক্ষণাত গ্ৰীণ কাৰিড’ৰৰ জৰিয়তে এম্বুলেন্সত চিকিৎসালয়লৈ নিয়া হয় এৰিকছনক৷ কিছুসময়ৰ পিছত চিকিৎসকৰ ঘোষণা৷ ‘এৰিকছন ষ্টেৱল’৷ ক্ৰমাৎ সুস্থ হৈ পৰে তেওঁ৷
এৰিকছনৰ এই ঘটনাৰ পিছত ডেনমাৰ্ক ফিনলেণ্ডৰ খেল বাতিল কৰা হৈছিল যদিও দুঘণ্টাৰ পিছত খেল পুনৰ আৰম্ভ কৰা হয়৷ যত ফিনলেণ্ডে জয়লাভ কৰে ৰ-৩ গ’লত৷
কিন্তু বিশ্বৰ কেইজনমান ফুটবলাৰ এৰিকছনৰ দৰে ভাগ্য ন’হল৷ খেলি খেলিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁলোকে৷ বিশ্ব ফুটবলত এতিয়ালৈ এনে পাঁচজন ফুটবলাৰৰ বিষয়ে জানিব পাৰো যিয়ে খেলপথাৰতেই মৃত্যুক আকোঁৱালী ল’লে৷
মাক ভি ভিয়ানোফ ঃ কেমেৰুণৰ ফুটবলাৰ আছিল তেওঁ৷ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলা এই গৰাকী খেলুৱৈবে ২০০৩ বৰ্ষৰ জুন মাহত ফ্ৰান্সত কলম্বিয়াৰ বিৰুদ্ধে এক আন্তৰ্জাতিক খেলত অংশ লৈছিল৷ খেল চলি থকাৰ ৭২ মিনিটত হঠাৎ খেলপথাৰত বাগৰি পৰে ভিভিয়ানো৷ ইয়াৰ পিছত হাস্পাতালত বহু চেষ্টা কৰিও চিকিৎসকে বচাব নোৱাৰিলে ভিভিয়ানোক৷ মৰনোত্তৰ পৰীক্ষাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালী লয় বুলি কয় চিকিৎসকৰ ভাষাত ভি ভিয়ানোৰ হৃদৰোগ বিধৰ নাম ‘‘হাইপাৰট্ৰেফিক কাৰ্ডিঅ’মায়পেথি’’৷
এণ্টনিঅ’ পুয়েস্তা ঃ মাত্ৰ ২২ বছৰ বয়সতে মৃত্যুক সাৱটি লয় স্পেইনৰ এই গৰাকী প্ৰতিভাবান ডিফেণ্ডাৰে৷ স্পেইনৰ এক ঘৰুৱা প্ৰতিযোগিতাৰ এখন খেলত অংশ গ্ৰহণ কৰিছিল এণ্টনিঅ’ই৷ খেলচলি থকা ৩৫ মিনিটত হঠাৎ খেল পথাৰত বাগৰি পৰা তেওঁ৷ চিকিৎসালয়ত বহু চেষ্টাৰ অন্ততো জীৱন ঘুৰাই নেপালে এণ্টনিঅ’ই৷ ঘটনাৰ তিনিদিন পিছত মৃত্যু হয় ফুটবলাৰজনৰ৷ চিকিৎসকৰ মতে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ শৰীৰৰ বহু অংগ বিকল হৈ পৰে৷
ফিল অ’ডনেল ঃ স্কটলেণ্ডৰ এই গৰাকী পেছাদাৰী ফুটবলাৰ দেশখনৰ আগশাৰীৰ ক্লাৱ মাদাৰৱেলৰ অধিনায়ক আছিল৷ অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এই গৰাকী ফুটবলাৰে ২০০৭ বৰ্ষত হৃদৰোগত আক্ৰান্ত হৈ খেলপথাৰৰ মাজতেই মৃত্যুক সাৱটি লয়৷ আন্তৰ্জাতিক ক্ষেত্ৰত স্কটলেণ্ডৰ হৈ বহু খিতাপ বুটলা এই গৰাকী মিডফিল্ডাৰে দেশখনৰ মাদাৰৱেল উপৰি চেলটিক আৰু স্কেফিম্লম বেডনেছাডৰ আগশাৰীৰ ফুটবল দলৰ হৈয়ো খেলিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ৷
ক্ৰিষ্টিয়ানো জুনিয়ৰ ঃ ২০০৩ বৰ্ষত ভাৰত ভ্ৰমণ কৰিছিল ক্ৰিষ্টিয়ানো ছেবাস্তিয়ান ডি লিমা জুনিয়ৰে৷ নেচনেল ফুটবল লীগৰ তেওঁ ইষ্টবেংগল ক্লাবত স্বাক্ষৰ কৰিছিল৷ জুনিয়ৰৰ সেই মৃত্যু আজিও ভাৰতীয় ফুটবলৰ প্ৰেমীৰ বাবে পাহৰিব নোৱাৰা ঘটনা৷ ইষ্টবেংগলত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত গোৱাৰ ডেম্পোত যোগদান কৰিছিল ক্ৰিষ্টিয়ানই৷ ক্লাৱৰ হৈ ২০০৪ বৰ্ষত মোহন বাগানৰ বিৰুদ্ধে একন খেলত অংশ লৈছিল জুনিয়ৰে৷ গ’ল কৰাৰ প্ৰচেষ্ঠাত মোহনবাগানৰ গল ৰক্ষক সুব্ৰত পালৰ সৈতে হোৱা খুণ্ডাখুণ্ডিত খেলপথাৰৰ মাজতেই ঢলি পৰে ক্ৰিষ্টিয়ানো৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৫ বছৰ৷
ছোজিঅ’ তিত্ততে ঃ আই ভৰী কোষ্টৰ এই গৰাকী ফুটবলাৰো ইংলেণ্ডৰ নিউকেছল ইউনাইটেডৰ দৰে ক্লাবৰ হৈ খেলিছিল৷ ২০০৫ বৰ্ষত পেছাদাৰী ফুটবলত ভুমুকি মৰা টিওতেই চীনা জাতীয় ফুটবল লীগতো খেলিছিল৷ নিউকেছলৰ সৈতে তেওঁ ৩.প্ত মিলিয়ন ডলাৰত চুক্তিবদ্ধ হৈছিল৷ ২০১৭ বৰ্ষৰ প্ত জুনত অনুশীলনত থকাৰ সময়ত মাত্ৰ ৩০ বছৰ বয়সত মৃত্যুক সাৱটি লয় তেওঁ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments