Thursday, July 7, 2022
HomeNewsফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ দিনটোতেই ইহসংসাৰ ত্যাগ কৰিলে ফুটবলৰ ৰাজপুত্ৰ‌ই : সুৰা আৰু...

ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ দিনটোতেই ইহসংসাৰ ত্যাগ কৰিলে ফুটবলৰ ৰাজপুত্ৰ‌ই : সুৰা আৰু ড্ৰাগছৰ বাবেই শেষ হৈ গ’ল মহানায়কৰ কেৰিয়াৰ আৰু জীৱন

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ তুষাৰ প্ৰতিম

অত্যাধিক ড্ৰাগছ আৰু সুৰা সেৱনেই কাল হৈ পৰিছিল ফুটবলৰ ৰাজপুত্ৰৰ। সেয়া আছিল ১৯৮২ চন। আৰ্জেণ্টিনাৰ জাতীয় দলত স্থান লাভ কৰিছিল মাৰাডোনাই‌। অসাধাৰণ ক্ৰীড়া প্ৰতিভাৰ বাবে আৰ্জেণ্টিনাৰ জাতীয় দলত মাৰাডোনাক মাত্ৰ ২২ বছৰ বয়সতেই স্থান দিবলৈ বাধ্য হৈছিল নিৰ্বাচকসকল। সেই বৰ্ষতেই আকৌ

অসাধাৰণ ফুটবল স্কীলৰ অধিকাৰী ডিয়েগো মাৰাডোনাই মাত্ৰ বছৰ বয়সতে আৰ্জেণ্টিনাৰ জুনিয়ৰ দলত স্থান লাভ কৰাৰ লগতে ১৯৭৭ চনত মাত্ৰ ১৭ বছৰ বয়সতেই আৰ্জেণ্টিনাৰ জাতীয় দলত স্থান লাভ কৰিছিল। ইয়াৰ পিছৰ বছৰেই আকৌ বিশ্বকাপ ফুটবলত আৰ্জেণ্টিনাই দখল কৰিছিল বিশ্ব চেম্পিয়নৰ খিতাপ। অৱশ্যে এই বিশ্বকাপত মাৰাডোনাক এতিয়া শিশু হৈ আছে বুলি খেলিবলৈ সুযোগ প্ৰদান কৰা নহ’ল। ইয়াৰ পিছত ১৯৮২ চনত ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলপথাৰত নামিছিল আৰ্জেণ্টিনা। প্ৰথম ৰাউণ্ডত মাৰাডোনাই হাংগেৰীক দুটা গ’ল কৰি পৰাজিত কৰিছিল যদিও দ্বিতীয় ৰাউণ্ডত ব্ৰাজিলৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল আৰ্জেণ্টিনা।

১৯৮২ চনৰ পৰাই মাৰাডোনাই আসক্ত হৈ পৰিছিল ড্ৰাগছ আৰু সুৰাৰ। সেই সময়ত মাৰাডোনাৰ কেৰিয়াৰে সফলতাৰ সকলো সীমা অতিক্ৰম কৰিছিল। জনপ্ৰিয়তাই আকাশ চুইছিল। ১৯৮৪ চনত যেতিয়া তেওঁ নেপোলি ক্লাবৰ হৈ খেলিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ ইটালীয়ান ড্ৰাগছ মাফিয়া এগৰাকীৰ সংস্পৰ্শলৈ আহে। ইয়াৰ পিছতেই মাৰাডোনাৰ এক নতুন জীৱন আৰম্ভ হয়‌। য’ত আছিল ফুটবলৰ সফলতা, সুৰা আৰু ড্ৰাগছৰ নিছা, অপৰাধ আৰু ফুটবলৰ পৰা অপসাৰীত হোৱাৰ বেদনা।

১৯৮৬ চনৰ বিশ্বকাপ। প্ৰতিযোগিতাখনত আৰ্জেণ্টিনাৰ অধিনায়ক মাৰাডোনা। কোৱাৰ্টাৰ ফাইনেল খেলিছিল ইংলেণ্ডৰ বিপক্ষে। মেচখনত মাৰাডোনাই দুটা গ’ল কৰিবলৈ সক্ষম হয়। ইয়াৰে এটা গ’ল সৰ্বকালৰ বিতৰ্কিত গ’ল হিচাপে চিহ্নিত হোৱাৰ উপৰিও ‘হেণ্ড অব গড’ নামেৰে নামাংকৃত হৈ ৰল। ইংলেণ্ডে মেচখনৰ সেই বিশেষ গ’লতোত মাৰাডোনাৰ হাত লাগিছিল বুলি দাবী কৰাৰ বিপৰীতে মাৰাডোনাই কৈছিল গ’লটোত অলপ মোৰ মূৰ আৰু অলপ ভগৱানৰ হাত আছে। ইয়াৰ পিছত আৰ্জেণ্টিনা‌ই ছেমি ফাইনেল আৰু ফাইনেল জয় কৰি চেম্পিয়ন হবলৈ সক্ষম হয়। লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হয় ডিয়েগো মাৰাডোনা।

১৯৯১ চন। সেই সময়ত মাৰাডোনা নেপোলি ক্লাবত। ইতিমধ্যে আৰম্ভ কৰা সুৰা আৰু ড্ৰাগছৰ সেৱনে তেওঁক সলনি কৰিছিল। বিশ্বকাপ জয়ৰ লগতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানে অধিক জনপ্ৰিয় কৰিছিল। ফুটবলৰ ৰাজপুত্ৰ হিচাপে পৰিচিত হৈছিল। ইয়াৰ মাজতেই অত্যাধিক ড্ৰাগছ আৰু সুৰা সেৱনৰ বাবে নেপোলি ক্লাবে ৰাজপুত্ৰক ১৫ মাহৰ বাব ক্লাবত নিষিদ্ধ ঘোষণা কৰিলে। একেটা বৰ্ষতে ৫০০ গ্ৰাম ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ হয় মাৰাডোনা। ১৪ মাহ কাৰাবাস। সুৰা আৰু ড্ৰাগছে ক্ৰমান্বয়ে শেষ কৰি অনা অসাধাৰণ ফুটবল প্ৰতিভাক ১৯৯৭ চনত সম্পূৰ্ণৰূপে শেষ কৰে মাৰাডোনাই। বিদায় লয় ফুটবলৰ পৰা।

মাত্ৰ ৩ বছৰ বয়সতে উপহাৰ হিচাপে লাভ কৰা ফুটবল এটা ৬ মাহলৈকে নিজৰ ছাৰ্টৰ ভিতৰত ভৰাই শুই থকা মাৰাডোনাই ১০ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল প্ৰফেছনেল কেৰিয়াৰ। ১২ বছৰ বয়সলৈকে পালন কৰিছিল বল বয়ৰ দায়িত্ব।

এইগৰাকী ফুটবল ৰাজপুত্ৰ‌ই কিউবাৰ প্ৰধানমন্ত্ৰী ফিডেল কাষ্ট্ৰোক নিজৰ দ্বিতীয় পিতৃ ৰূপে গণ্য কৰিছিল। ২০১৬ চনৰ ২৫ নৱেম্বৰ তাৰিখে কাষ্ট্ৰোৱে এই সংসাৰৰ পৰা বিদায় লৈছিল। ৪ ডিচেম্বৰ তাৰিখে মাৰাডোনাই কাষ্ট্ৰোক অন্তিম বিদায় জনাবলৈ কিউবাত গৈ উপস্থিত হৈছিলগৈ। কাকতলীয়ভাৱে নিজৰ দ্বিতীয় পিতৃ অৰ্থাৎ ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ ৪টা বছৰ পিছত দ্বিতীয় পিতৃৰ মৃত্যুৰ দিনটোতেই পুত্ৰ মাৰাডোনাইয়ো এই সংসাৰৰ পৰা বিদায় ল’লে। ইয়াৰ উপৰিও মাৰাডোনা আছিল শ্বে গোৱেভাৰাৰ এজন অনুৰাগী। হাতত অংকন কৰিছিল গোৱেভাৰ টাটু। পিন্ধিছিল গোৱেভাৰ ফটো সম্বলিত টি-ছাৰ্ট।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments