Monday, October 3, 2022
HomeNewsদ্বিজেন্দ্ৰ মোহন দাস আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত ঢেকিয়াজুলি হাইস্কুল চেম্পিয়ন

দ্বিজেন্দ্ৰ মোহন দাস আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত ঢেকিয়াজুলি হাইস্কুল চেম্পিয়ন

https://olympiasports.in/

দ্বিজেন্দ্ৰ মোহন দাস সোঁৱৰণী আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ঢেকিয়াজুলি হাইস্কুলে। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাটোৰ নিজা খেল পথাৰত অনুষ্টিত হোৱা প্ৰতিযোগিতাখনত ঢেকিয়াজুলি হাইস্কুলে ঢেকিয়াজুলি দেৱেন্দ্ৰ গ্ৰীণ হাইস্কুলক ৭৮ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি এই খিতাপ দখল কৰিছে।

মেচৰ আৰম্ভণিতে ঢেকিয়াজুলি হাইস্কুলে টছত জিকি ঢেকিয়াজুলি হাইস্কুলে প্ৰথমে বেটিং কৰাৰ সিধদ্ধান্ত লৈ ১৯.১ অভাৰত ১৩৮ ৰাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত দেৱেন্দ্ৰ গ্ৰীণ হাইস্কুলে বেটিং কৰিবলৈ আহি ১২.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬০ ৰাণ হে কৰিবলৈ সক্ষম হয়। ঢেকিয়াজুলি হাইস্কুলৰ বাস্তৱ বসুমতাৰীয়ে মেচখন ৫ উইকেট দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল খনৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰতিযোগিতাখনৰ বঁটা সমূহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ বলাৰ আৰু শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা লাভ কৰে বাস্তৱ বসুমতাৰীয়ে। আনহাতে চূড়ান্ত খেলখনৰ শ্ৰাষ্ঠ বেটছমেনৰ বঁটা লাভ কৰে ঢেকিয়াজুলি হাইস্কুলৰ মহিবুল আনছাৰীয়ে আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাব কৰে ঢেকিয়াজুলি হাইস্কুলৰ সুমন ছেত্ৰীয়ে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বিভিন্ন বঁটাসমূহ প্ৰদান কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য , ট্ৰ্ফী দাতা অনুপমা দাস আদিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments