Friday, September 30, 2022
HomeNewsগৈছিল ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ, ঘূৰি আহিল ল'ৰাজন ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ।

গৈছিল ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ, ঘূৰি আহিল ল’ৰাজন ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ।

olympiasports.in

দাৰিদ্ৰ অসমৰ তেনেই এখন চিনাকি ছবি। দৰিদ্ৰতা আৰু সংস্থাপনৰ অভাৱৰ বাবে অসমৰ গাঁৱৰ পৰা বছৰি ওলাই যায় হাজাৰ হাজাৰ ল’ৰা বহিঃৰাজ্যলৈ বুলি। ঠিক এন এক পৰিস্থিতিতে নিজৰ দৰিদ্ৰ ঘৰখনক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে ডিম্বেশ্বৰ দলে নামৰ চফল ডেকাজন গুছি গৈছিল কেৰালালৈ ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ। তাত গৈ প্ৰথমেই আই চি আই সদালাইন গ্ল’বেল ছাৰ্ভিচত ছিকিউৰিটি গাৰ্ডৰ চাকৰিত সোমাইছিল ডিম্বেশ্বৰ। পুৱা দহ বজাৰ পৰা নিশা দহ বজালৈ বাৰ ঘণ্টাৰ এক কষ্টকৰ চাকৰি। সময় বুলিবলৈ বাকী ৰয়গৈ নিজৰ খোৱা আৰু শোৱা সময়কণহে। তথাপি ডিম্বেশ্বৰ নিশা দহ বজাত কাম শেষ কৰি পুনৰ ওলাই যায় ওচৰতে থকা কল্লোৰ ষ্টেডিয়ামলৈ লং জাম্পৰ অনুশীলন কৰিবলৈ। সৰুৰে পৰা খেলৰ প্ৰতি থকা অনুৰাগক এনেদৰেই ডিম্বেশ্বৰে কামৰ মাজতো জীয়াই ৰাখিছিল। তেনেতে হঠাৎ এদিন স্থানীয় কলেজ এখনৰ এজন অধ্যক্ষৰ চকু পৰিছিল ডিম্বেশ্বৰৰ ক্ৰীড়া প্ৰতিভাৰ ওপৰত। কোচিনৰ সেই মহাবিদ্যালয়খনৰ পৃষ্ঠপোষকতাত প্ৰাণ পাই উঠে ডিম্বেশ্বৰৰ সুপ্ত প্ৰতিভা।

এইদৰেই অধ্যক্ষজনৰ অনুপ্ৰেৰণাত আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক আনি দিছিল সেই মহাবিদ্যালয়ক। সেই অধ্যক্ষজনৰ অনুপ্ৰেৰণাতে লাহে লাহে ডিম্বেশ্বৰৰ ক্ৰীড়া প্ৰতিভাই এক নতুন ৰূপ পালে। নিজেও একাগ্রচিত্তে বাৰ ঘণ্টাৰ কৰ্তব্য পালন কৰাৰ উপৰি অনুশীলনো চলাই গৈছিল ডিম্বেশ্বৰে। লক্ষ্য আছিল কেৰালাত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়নশ্বিপ। সেই অনুসৰি দেশৰ ভিন্ন প্ৰান্তৰ প্ৰশিক্ষিত খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই চেম্পিয়নশ্বিপত ভাগ লোৱাই নহয়, প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপো লাভ কৰে ডিম্বেশ্বৰে। চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত মুঠ আঠজন খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াই ছয় মিটাৰ এক ফুট তিনি ইঞ্চি জঁপিয়াই এই সন্মান লাভ কৰিবলৈ সক্ষম হয় তেওঁ। লখিমপুৰৰ বগীনদীৰ ৰেলৱে কলনীত ডিম্বেশ্বৰে নিজক আবিষ্কাৰ কৰাৰ সুযোগ নাপালে যদিও বহিঃৰাজ্যত গৈহে তেওঁৰ প্ৰতিভা আৱিষ্কৃত হয়। তাৰ পাছত খেলত অধিক মনোযোগ দিয়াৰ বাবে নিজ গৃহলৈ ঘূৰি আহে ডিম্বেশ্বৰ। লং জাম্পৰ এৰি এইবাৰ কাৰাটেত মনোনিবেশ কৰে। ঘৰলৈ আহি দেৰগাঁৱৰ খঙিয়া অ’ল্ড ষ্টাইল মাৰ্চিয়েল আৰ্ট নামৰ প্ৰতিষ্ঠানটোত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ডিম্বেশ্বৰে। ২০১৯ চনৰ নৱেম্বৰত নেপালত অনুষ্ঠিত ন’বেল আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক কঢ়িয়াই আনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে ডিম্বেশ্বৰে। ইফালে ২০২২ চনত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল কাৰাটে চেম্পিয়নশ্বিপৰ বাবেও নিৰ্বাচিত হয় অসমৰ এইজন খেলুৱৈ। সন্মুখত এতিয়া বহু পথ বাকী। চৰকাৰী পৃষ্ঠপোষকতা অবিহনেই এনেদৰে এসময়ৰ ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰে ক্ৰীড়াৰ ক্ষেত্ৰত উজলিবলৈ সক্ষম হৈছে। ডিম্বেশ্বৰে আশা কৰে এই ক্ষেত্ৰত তেওঁক চৰকাৰে উপযুক্ত সহায় কৰক। উপযুক্ত সুবিধা পালে তেওঁ ভৱিষ্যতে ন ন সুনাম কঢ়িয়াই আনিব পাৰিব বুলিও দৃঢ়বিশ্বাসী ডিম্বেশ্বৰ। আমিও আশা কৰোঁ ডিম্বেশ্বৰ দলেৰ সেই আশা পূৰণ হওক। ডিম্বেশ্বৰ দলেৰ দৰে গাঁৱে ভূঞে সিঁচৰতি হৈ থকা অসমৰ ক্ৰীড়া প্ৰতিভাসমূহক চিনি উলিওৱাত মন দিয়ক ৰাজ্যৰ বিয়াগোম ক্ৰীড়া বিভাগে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments