Monday, October 3, 2022
HomeNewsদীপিকা পাড়ুকন, প্ৰকাশ পাড়ুকন আৰু এজন অসমীয়া!!

দীপিকা পাড়ুকন, প্ৰকাশ পাড়ুকন আৰু এজন অসমীয়া!!

সেয়া ১৯৮৯ চনৰ কথা। সেইবছৰ জলন্ধৰত অনুষ্ঠিত হৈছে ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপ। ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা। দেশৰ সকলো আগশাৰীৰ বেডমিণ্টন খেলুৱৈ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ আশাৰে যুজঁত নামি পৰিছে। ব্যতিক্ৰম নহয় অসমৰ খেলুৱৈও। এই সন্মানীয় খিতাপ জয় কৰাৰ আশাৰে বেডমিণ্টনৰ যুঁজখনত নামিছে এগৰাকী অসম সন্তান। প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে জয়ী হৈ অসম সন্তানগৰাকী উপস্থিত হ’লগৈ কোৱাৰ্টাৰ ফাইনেলত‌। এই কোৱাৰ্টাৰ ফাইনেলত অসম সন্তানগৰাকীৰ প্ৰতিপক্ষ প্ৰকাশ পাডুকন। ভাৰতৰ সেই সময়ৰ শ্ৰেষ্ঠ বেডমিণ্টন খেলুৱৈ। বিশ্ব বেডমিণ্টন ৰেংকিংৰ এসময়ৰ এক নং স্থানৰ খেলুৱৈ প্ৰকাশ পাডুকন। অৱশ্যে সাহস হেৰুৱা নাছিল অসম সন্তানগৰাকীয়ে। দুয়োৰে মাজত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিদ্বন্দিতা। এসময়ৰ বিশ্ব ক্ৰমৰ প্ৰথমস্থানৰ খেলুৱৈ গৰাকীৰ উপৰ্যোপৰি আক্ৰমণ প্ৰতিহত কৰিবলৈ অসমসন্তানগৰাকী বাৰে বাৰে মাটিত বাগৰি পৰিছে। চিঙি গৈছে আঁঠুৰ চাল-ভৰিৰ চাল। চৌপাশে এক চেপা উত্তেজনা। এসময়ৰ বিশ্ব ক্ৰমৰ প্ৰথমস্থানৰ খেলুৱৈজনৰ বিপক্ষে যুজঁ দিছে অসম সন্তানগৰাকী। উপৰ্যোপৰি আক্ৰমণ কৰি পৰাভূত কৰিব নোৱাৰি ভাগৰি গৈছে প্ৰকাশ পাডুকন। প্ৰয়োগ কৰিছে সকলো কৌশল। অৱশেষত এই কঠিন যুজঁখনৰ পৰিসমাপ্তি ঘটিল। কোনোৱে নভবা এক অঘটন ঘটিগ’ল মেচখনত। ভাৰতৰ এক নং স্থানৰ খেলুৱৈ প্ৰকাশ পাডুকনক এগৰাকী অখ্যাত খেলুৱৈয়ে, অসম সন্তানে পৰাভূত কৰিলে ১৫-৯, ১৭-১৬ ব্যৱধানত। খেলখনৰ আগমুহূৰ্তলৈকে এনেদৰে যে এজন অখ্যাত খেলুৱৈৰ হাতত পৰাজিত হব লাগিব সেই কথা হয়তো ভবা নাছিল প্ৰকাশ পাডুকনেও। লাজ আৰু অপমানত জৰ্জৰিত হৈ পৰিল প্ৰকাশ পাডুকন। অখেলুৱৈসুলভ আতৰণেৰে অসমসন্তানগৰাকীক খেলৰ অন্তত কৰমৰ্দন নকৰাকৈয়ে খেল পথাৰৰ পৰা আতৰি গ’ল তেওঁ। সকলোকে আচৰিত কৰি ভাৰতৰ এক নং স্থানৰ খেলুৱৈ প্ৰকাশ পাডুকনে খেলখনত পৰাজিত হোৱাৰ কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা কৰিলে নিজৰ অৱসৰৰ কথা। পূৰ্বৰ বিশ্বক্ৰমৰ এক নং স্থানৰ খেলুৱৈ তথা বৰ্তমান বলিউডৰ আগশাৰীৰ অভিনেত্ৰী দীপিকা পাডুকনৰ পিতৃ প্ৰকাশ পাডুকনক অৱসৰ লবলৈ বাধ্য কৰোৱা এই অসম সন্তানগৰাকীৰ নাম আছিল সুশান্ত বৰা।

১৯৬৩ চনত বোকাখাটত জন্ম হোৱা সুশান্ত বৰাই ১৯৮৯ চনৰ জাকাৰ্টা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ উপৰিও ১৯৯০ চনৰ নিউজিলেণ্ডৰ অকলেণ্ড কমনৱেলথ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পূৰ্ণ শক্তি থকা সুশান্ত বৰাৰ নাছিল পৰ্যাপ্ত অৰ্থ। যাৰ বাবে বিদেশৰ বিভিন্ন অপেনত অংশগ্ৰহণ কৰি নিজৰ ৰেংকিং উন্নত কৰিবলৈ সক্ষম হোৱা নাছিল। যাৰ বাবে সামৰি থবলৈ বাধ্য হৈছিল জীৱনৰ কিছুমান চৰম স্বপ্ন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments