অলিম্পিয়া প্ৰতিবেদন
অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত তথা গোলাঘাট টেবুল টেনিছ সন্থাৰ সহযোগত অহা ১১ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ গোলাঘাটৰ প্ৰবীণ গগৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৬৮ সংখ্যক টেবুল টেনিছ চেম্পিয়নশ্বিপখন। এইখনেই হ’ব কোভিড-১৯ৰ পিছত অনুষ্ঠিত দেশৰ প্ৰথমখন টেবুল টেনিছ চেম্পিয়নশ্বিপ।
চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট’কলৰ সকলো নীতি নিয়ম মানি চলি এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে অসম টেবুল টেনিছ সন্থাই। মহামাৰীৰ প্ৰকোপৰ পৰা দেশে সম্পূৰ্ণ মুক্তি লাভ নকৰাৰ বাবে কেৱল ছিংগলছৰ খেলহে অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে সন্থাটোৱে।
কেডেট, ছাব জুনিয়ৰ, জুনিয়ৰ, য়ুথ, ছিনিয়ৰ আদিকে ধৰি ল’ৰা আৰু ছোৱালীৰ উভয়ৰে দহোটাকৈ শাখাত মূল খেলসমূহ অনুষ্ঠিত হ’ব। অসম টেনিছ সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ সকলো জিলাৰ লগতে অইল ইণ্ডিয়া, এন এফ ৰেলৱে আদিৰো বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।
সন্থাই প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মুখ্য ৰেফাৰী হিচাবে গোবিন্দ উপাধ্যায় তথা উপ মুখ্য ৰেফাৰী হিচাবে বিমান ভাগৱতীক নিয়োগ কৰিছে। আনহাতে, সন্থাৰ কোসাধ্যক্ষ নয়নজ্যোতি শৰ্মাক পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।