ক্ৰীড়া বিশ্বত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা : বি ডব্লিউ এফৰ কাউঞ্চিল মেম্বাৰ নিৰ্বাচিত

অলিম্পিয়া প্রতিবেদন

এক বৰ্ণিল জীৱন পৰিক্ৰমা৷ দক্ষতা, কৰ্মনিষ্ঠা আৰু একাগ্ৰতাৰ এক উৎকৃষ্ট নিদৰ্শন–  এজন ছাত্ৰনেতাৰ পৰা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱালৈ৷ এগৰাকী সফল ৰাজনীতিক৷ কোনো এজন স্বনামধন্য ব্যক্তিয়ে কৈছিল, ‘জীৱন সকলোৱেই পায়, কিন্তু জীৱনটো অৰ্থবহ কৰি তুলিব পৰাজনহে আচলতে সফল ব্যক্তি৷’ হয়, অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই আজি আজি ইয়াত ক’বলৈ লৈছো৷ ১৯৬৯ চনত জন্মগ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ কথা৷ সৰুৰে পৰাই প্ৰখৰ বুদ্ধিসম্পন্ন হিমন্তই ১৩-১৪ বছৰতেই পাইছিল ‘বিস্ময় বালক’ৰ নাম৷ সমগ্ৰ ভাৰত কঁপোৱা অসম আন্দোলনৰ [১৯৭৯-৮৬]ৰ সময়ত কিশোৰ হিমন্তই আন্দোলনৰ নেতৃবৰ্গৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰৰ নিৰ্বাচনৰ পূৰ্বে সেই অসম আন্দোলনৰ নেতা প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ সৈতে থকা তেওঁৰ দুখন ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ য’ত আন্দোলনৰ পুৰণি সতীৰ্থক স্মৰণ কৰিছিল৷ প্ৰচুৰ কৰ্মদক্ষ, বাকপটু হিমন্তই আছুৰ নেতৃবৰ্গৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ সুবাদতেই একাধিকবাৰ কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল৷ হিমন্তৰ ৰাজনৈতিক বোধশক্তিৰ উমান পাই হিতেশ্বৰ শইকীয়াই তেওঁক কংগ্ৰেছলৈ নিয়াৰ প্ৰচেষ্টা চলালে আৰু সফলো হ’ল৷ আছু এৰি কালক্ৰমত কংগ্ৰেছৰ মজিয়াতো সুকীয়া আসন ল’বলৈ সফল হোৱা হিমন্তই ২০১৩ত ৭৮খন আসন দখল কৰি অসমত তৃতীয়বাৰৰ বাবে তৰুণ গগৈক মুখ্যমন্ত্ৰী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ কিন্তু হিমন্তৰ উত্তৰণত হয়তো শংকিত তেওঁৰ একাংশ সতীৰ্থৰ ছল-চাতুৰিৰ বাবে অসুবিধাত পৰি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে হিমন্তই৷ ২০১৬ বৰ্ষত বিজেপিক বিপুল আস্থাৰে জয়লাভ কৰোৱাৰ আঁৰৰ ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ বলতেই হেজাৰ প্ৰতিৰোধৰ মাজতো অৱশেষত বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই দিছপুৰৰ মচনদ পুনৰ দখল কৰিবলৈ সক্ষম হ’ল৷ কিন্তু ৰাজনীতিৰ অতিকে ব্যস্ত সূচীত থকাৰ পিছতো ক্ৰীড়াংগনৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই ৰাখি আহিছে এক মধুৰ সম্পৰ্ক৷ তেওঁৰ জীৱনৰ প্ৰথম প্ৰেম ক্ৰিকেট৷ প্ৰশিক্ষণ নবাব আলীৰ তত্ত্বাৱধানত নেহৰু ষ্টেডিয়ামস্থিত গুৱাহাটী ক্ৰিকেট ক’চিং চেণ্টাৰত তেওঁ লৈছিল ক্ৰিকেটৰ আদিপাঠ৷ ৮৩ চনৰ পৰা তেওঁ প্ৰায় চাৰি বছৰ কাল গুৱাহাটী ক্ৰিকেট ক’চিং চেণ্টাৰত প্ৰশিক্ষাৰ্থী আছিল৷ এই তথ্য প্ৰশিক্ষক নবাব আলীৰ৷ এই সময়ছোৱাত বেটিঙত তেওঁ যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল৷ এজন ভাল বেটছ্‌মেন হোৱাৰ সকলো সম্ভাৱনাই আছিল হিমন্ত বিশ্ব শৰ্মাৰ মাজত৷ তেওঁক সেই সময়ত লতাশিল, জজ খেলপথাৰ আদি গুৱাহাটীৰ খেলপথাৰসমূহত বিভিন্ন প্ৰতিযোগিতাত নিয়মীয়াকৈ অংশগ্ৰহণতো দেখা গৈছিল৷ পঢ়া-শুনাত প্ৰচুৰ ধাউতি থকা শৰ্মাই পৰৱৰ্তী সময়ত ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকিব নোৱাৰিলেও ৰাজ্যৰ তথা দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বিকাশৰ বাবে কাম কৰি যাবলৈ সদায় প্ৰস্তুত আছিল তেওঁ৷ পৰৱৰ্তী সময়ত সংগঠক  হিচাপে ক্ৰীড়া ক্ষেত্ৰত উজলি উঠে হিমন্ত বিশ্ব শৰ্মা৷ ক্ৰীড়াৰ লগতে তেওঁ সমান্তৰালকৈ ঢাপলি মেলিলে ৰাজনৈতিক ক্ষেত্ৰলৈ৷ অৱশ্যে ক্ৰীড়া ক্ষেত্ৰতকৈ ৰাজনৈতিক ক্ষেত্ৰতহে অধিক চৰ্চিত এইজন যুৱ ৰাজনীতিকে কৈশোৰৰ পৰাই নিজকে তুলি ধৰিছিল এজন ক্ৰীড়াৰসিক আৰু ক্ৰীড়া সংগঠক হিচাপে৷ কম সময়ৰ ভিতৰতে ক্ৰিকেটৰ পৰা আঁতৰি আহিলেও খেলবিধৰ প্ৰতি তেওঁৰ দুৰ্বলতা কেতিয়াও আঁতৰি যোৱা নাছিল৷ সেয়ে ক্ৰিকেট প্ৰশিক্ষণৰ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ উত্তৰণৰ বাবে চেষ্টা কৰি আহিছে৷ নিজকে জড়িত কৰিছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্প’ৰ্টছ ক্লাব ‘গুৱাহাটী টাউন ক্লাব’ৰ সৈতেও৷ কেইগৰাকীমান সুদক্ষ ব্যক্তিৰ সহযোগত গুৱাহাটী টাউন ক্লাবৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ প্ৰচেষ্টা চলাই আহিছে আমাৰ আলোচ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ অসম বেডমিণ্টন সন্থাৰ সভাপতি, সৰ্বভাৰতীয় বেডমিণ্টন সন্থাৰ অধ্যক্ষ, এছিয়া কনফেডাৰেচনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁলৈ আহিল আন এক সন্মান৷ বেডমিণ্টন ৱল্ডৰ্ ফেডাৰেচনৰ কাউঞ্চিল মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা৷ যোৱা ২২ মে’ত ভাৰ্চুৱেল মাধ্যমৰে অনুষ্ঠিত বিশ্ব বেডমিণ্টন সন্থাৰ সাধাৰণ সভাত এই সন্মান লাভ কৰে ডঃ শৰ্মাই৷ বেডমিণ্টন অৱ ইণ্ডিয়াৰ অধ্যক্ষগৰাকীয়ে সৰ্বমুঠ ২৩৬টা ভোট লাভ কৰি কাউঞ্চিল মেম্বাৰ হিচাপে নিৰ্বাচিত হয়৷ বিশ্ব বেডমিণ্টন সন্থাৰ সাধাৰণ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ ইভেণ্টছ শাখাৰ সম্পাদক ওমৰ ৰছিদ৷

দেশৰ আগশাৰীৰ শ্বাটলাৰ চাইনা , সিন্ধু আৰু প্ৰশিক্ষক গোপীচান্দৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মা

নিশ্চিতভাৱে অসমৰ বেডমিণ্টনৰ ক্ষেত্ৰখনৰ লগতে সামগ্ৰিকভাৱে দেশৰ ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি ই এক অনন্য সন্মান৷ ভাৰতৰ লগতে অসমৰ বেডমিণ্টনক সুকীয়া মাত্ৰা প্ৰদানৰ বাবে তেওঁৰ বাবে এক সুৱৰ্ণ সুযোগ৷ দেশৰ লগতে অসমৰ বেডমিণ্টনৰ প্ৰতিচ্ছবিখন অচিৰেই সলনি হ’ব৷ এই আশা অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *