Wednesday, October 5, 2022
HomeNewsহিমালৈ উপ আৰক্ষী অধীক্ষকৰ পদ; হিমাই ক'লে...

হিমালৈ উপ আৰক্ষী অধীক্ষকৰ পদ; হিমাই ক’লে…

চলিত বিধানসভা অধিবেশনত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট দাখিল কৰিলে। এইবাৰৰ বাজেটত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা দেখিবলৈ পোৱা গ’ল। বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা খেলুৱৈক “A”গ্ৰেডৰ চাকৰি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। এই নীতিৰ প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে হিমা দাস বিবেচিত হৈছে। হিমাক উপ আৰক্ষী অধীক্ষকৰ পদ প্ৰদান কৰা হৈছে। বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পিছতেই “মনযায়” গাৰ্ল হিমাই টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। হিমাই তেওঁৰ টুইটাৰ একাউণ্টত লিখিছে এইদৰে–

I express my heartfelt gratitude to the Honourable Chief Minister @sarbanandsonwal sir and the Honourable Finance Minister of Assam @himantabiswa sir for having offering me the post of Deputy Superintendent of Police in recognition of my achievements – Continued-

ৰাজ্য চৰকাৰে চলিত বিধান সভা অধিবেশনত হিমাক উপ আৰক্ষী অধীক্ষকৰ পদ প্ৰদান কৰাৰ বাবে অৱশ্যে চচিয়েল মিডিয়াত একাংশই সমালোচনা কৰিলেও ক্ৰীড়াৰ লগত জড়িত সকলে এই নীতিক আদৰণী জনাইছে।

উল্লেখ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বাজেটত উল্লেখ কৰা ১০০০ গৰাকী বিশিষ্ট ক্ৰীড়াবিদক প্ৰদান কৰিবলগীয়া ৫০,০০০ হাজাৰ টকা শীঘ্ৰেই প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। লগতে ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লগতে ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ কৰি থকা অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰম ঘোষণা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments