Tuesday, October 4, 2022
HomeNewsবিদায় বহুমুখী প্ৰতিভাৰ গৰাকী দুলাল দত্ত !

বিদায় বহুমুখী প্ৰতিভাৰ গৰাকী দুলাল দত্ত !

✍️ লোকেশ্বৰ গগৈ, গুৱাহাটী

অসম ফুটবলৰ পম খেদি ফুৰোতে ১৯৯৭ চনৰ ৭ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰ নগৰত লগ পাইছিলোঁ বহুমুখী প্ৰতিভাধৰ ব্যক্তি দুলাল দত্তক । অসমৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ পবিত্ৰ দত্তৰ পিতৃ দুলাল দত্তৰ বিয়োগত মৰ্মাহত হৈছো । এই গৰাকী মাত্ৰ ৫ ফুট ৩ ইঞ্চি উচ্চতাৰ বহু প্ৰতিভা সম্পন্ন ব্যক্তিৰ জন্ম হৈছিল ১৯৩২ চনত শিৱসাগৰত । তেওঁ ফুটবল, ক্ৰিকেট আৰু টেবুল টেনিছত অবিভক্ত শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰিছিল । শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপসভাপতি আৰু শিৱসাগৰ ক্ৰিকেটৰ অন্যতম গুৰি ধৰোতা আছিল দত্ত । ১৯৪৯ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা মেত্ৰিক উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ পৰা ১৯৫৮ চনত এম কম পাছ কৰে । ইয়াৰ পূৰ্ব্বে ১৯৫২ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা ছেক্ৰেটেৰিয়েল প্ৰেকট্ৰিছত প্ৰথম শ্ৰেণী সহ ডিগ্ৰী লাভ কৰা তেওঁৱে আছিল প্ৰথম গৰাকী অসমীয়া । গুৱাহাটীৰ উচ্চ ন্যায়ালয়, এছ আৰ চি বি আৰু এল আই চিত কিছুদিন কাম কৰাৰ পাছত ১৯৬০ চনত অ’ এন জি চিত যোগদান কৰি তেওঁ ১৯৯০ চনত অৱসৰ লয় । দুলাল দত্ত‌ ১৯৫৪ চনত টেবুল টেনিছত ৰাজ্যিক চেম্পিয়ন আৰু ১৯৫৫ আৰু ১৯৫৬ চনত ফাইনেলিষ্ট আছিল । তেওঁ ১৯৫৮ চনত টেবুল টেনিছ খেলাৰ বাবে শ্ৰীলংকালৈও গৈছিল । টেবুল টেনিছৰ উপৰি তেওঁ ফুটবল খেলুৱৈ ৰূপে সুনাম অৰ্জন কৰিছিল । ১৯৪৯, ‘৫০ আৰু ‘৫১ চনত শিৱসাগৰ জিলা দলৰ হৈ আন্ত:জিলা ফুটবল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰে । পাছৰ দুটা বছৰত আন্ত:জিলা ফুটবলত শিৱসাগৰ ফাইনেলিষ্ট আছিল । ১৯৫০ চনত আলিগড়ত অনুষ্ঠিত উত্তৰ মণ্ডল আন্ত:বিশ্ববিদ্যালয় ফুটবলত অংশগ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয় দলত তেওঁ আছিল অন্যতম সদস্য । আন্ত:বিশ্ববিদ্যালয় ফুটবলত খেলিবলৈ যোৱা এইটোৱে আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম দল । এইগৰাকী শীতল মস্তিষ্কৰ নিৰৱ ক্ৰীড়া সাধক যোৱা ২৫ ফেব্ৰুৱাৰীত শিৱসাগৰৰ ফুকন নগৰৰ নিজা বাসভৱনত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে শিৱসাগৰৰ ক্ৰীড়া জগতৰ এক অধ্যায়ৰ অন্ত পৰিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments