Wednesday, July 6, 2022
HomeNewsযৌন কৰ্মীৰ সন্তানৰ বাবে গঢ়া দুৰ্বাৰ স্প'ৰ্টছ একাডেমী এতিয়া ধ্বংসৰ কবলত

যৌন কৰ্মীৰ সন্তানৰ বাবে গঢ়া দুৰ্বাৰ স্প’ৰ্টছ একাডেমী এতিয়া ধ্বংসৰ কবলত

✍️ তুষাৰ প্ৰতিম

কলকাতা, হাওৰা আৰু দক্ষিণ ২৪ ফৰগানস্থিত ৰেড লাইট অঞ্চলৰ যৌন কৰ্মীৰ সন্তানক লৈ ৭ বছৰ পূৰ্বে গঢ়ি তোলা দুৰ্বাৰ স্প’ৰ্টছ একাডেমীৰ ফুটবল দলটোক প্ৰথমে আমফান আৰু ইয়াৰ পিছত কৰ’না মহামাৰীয়ে ধ্বংসৰ দিশলৈ লৈ গৈছে। প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপে কেৱল একাডেমীখনৰ খেল স্তব্ধ কৰাই নহয়, একাডেমীখনৰ ল’ৰাবোৰে জীৱন যাপন কৰিবলৈ এতিয়া খেল এৰি মাক, দেউতাকৰ লগত হাজিৰা কৰাৰ উপৰিও পদপথত পাচলিৰ দোকান দিবলগীয়া হৈছে। ইয়াৰ উপৰিও আন একাংশ‌ই আকৌ মাতৃৰ লগত গৈ ঘৰে ঘৰে চাফাইৰ কামত ধৰিছে।

একাডেমীখনৰ এই ল’ৰাবোৰেই চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কলকাতাত অনুষ্ঠিত হোৱা অনূৰ্ধ ১৩ আইলীগ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। আমফান আৰু কৰ’নাই ধ্বংস কৰি পেলোৱা একাডেমীখন সৰু সৰু ল’ৰা বোৰৰ ঘৰত কিছু সকাহ হ‌ওক বুলি একাডেমী পৰিচালনা কৰা দূৰবাৰ মহিলা সমন্বয় সমিতিয়ে কিছু ৰেচন যোগান ধৰাৰ পৰিকল্পনা কৰিছিল যদিও তেওঁলোক সফল হোৱা নাই। অৱশ্যে গান্ধী জয়ন্তী দিনাখনৰ পৰা সমিতিখনে পুনৰ ফুটবলৰ অনুশীলন আৰম্ভ কৰিছে যদিও অনুশীলনত ভাগ ল’ব পৰা নাই শিশুসকলে।

উল্লেখযোগ্য যে দুৰ্বাৰ স্প’ৰ্টছ একাডেমীত অনূৰ্ধ ১৩, অনূৰ্ধ ১৫ আৰু অনূৰ্ধ ১৪ আই এফ এফ নাৰ্চাৰী দল থকাৰ উপৰিও ছোৱালীৰ অনূৰ্ধ ১৭ দল আছে। ২০১৬চনত এই স্প’ৰ্টছ একাডেমীৰ ক্লাবে ডেনমাৰ্কত ডানা কাপত অংশ ল’বলৈ গৈছিল আৰু প্ৰতিযোগিতাখনত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিছিল। ইয়াৰ উপৰিও এই ক্লাবৰ ১৮ জন ল’ৰাই ইষ্ট বেংগল, মোহন বাগান আদিৰ দৰে আগশাৰীৰ ক্লাবৰ হৈ খেলিছে।

মন কৰিবলগীয়া যে যৌন কৰ্মীৰ সন্তানক সমাজৰ এক সন্মানজনক স্থানৰ মাজলৈ লৈ অনাৰ উদ্দেশ্যৰে গঢ়ি তোলা এই বিশেষ একাডেমীখনত পিকে বেনাৰ্জী, চুন্নী গোস্বামী, বলৰাম আদিৰ দৰে দেশৰ মহান ফুটবলাৰৰ অৰিহণা আছে। মূলতঃ যৌন কৰ্মীৰ সন্তানৰ বাবে গঢ়ি তোলা এই একাডেমীত এতিয়া অতি দৰিদ্ৰ শ্ৰেণীৰ সন্তানেও প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ লৈছে। যাৰ বাবে ২৪ পৰগানত ৰাহুল বিদ্যা নিকেতন নামেৰে এক হোষ্টেলো নিৰ্মাণ কৰি উলিওৱা হৈছে, য’ত ১২০ টা শিশুৱে একেলগে থাকিব পাৰে। ইয়াত শিশুৱে বিনামূলীয়াকৈ বাস কৰাৰ উপৰিও বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰে। কিন্তু আমফান আৰু কৰ’নাই এতিয়া সকলো প্ৰায় শেষ কৰি পেলাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments