Tuesday, October 4, 2022
HomeNewsফুলি উঠাৰ পূৰ্বেই মৰহি যাব লাখ লাখ ক্ৰীড়া প্ৰতিভা : ৭খন ৰাজ্যত...

ফুলি উঠাৰ পূৰ্বেই মৰহি যাব লাখ লাখ ক্ৰীড়া প্ৰতিভা : ৭খন ৰাজ্যত ১০ লাখ ক্ৰীড়া প্ৰতিভা আৰু ২৩০ কোটি অৰ্থৰ ক্ষতি

olympiasports.in

বিশেষ প্ৰতিবেদন

✍️ তুষাৰ প্ৰতিম

কৰ’না মহামাৰীৰ বাবে স্তব্ধ ক্ৰীড়া ক্ষেত্ৰ। ধ্বংস হৈছে ক্ৰীড়া অৰ্থনীতি। ইতিমধ্যে olympiasports.in ত ক্ৰীড়া অৰ্থনীতি কিদৰে ধ্বংস হৈছে, বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ খনত কিমান লোকচান হৈছে সেয়া প্ৰকাশ হৈ গৈছে। ক্ৰীড়া জগতখনত সৃষ্টি হোৱা এই স্তব্ধতাৰ বাবে কেৱল ক্ৰীড়া অৰ্থনীতিৰেই যে ক্ষতি হৈছে তেনে নহয়। ক্ষতি হৈছে ক্ৰীড়াবিদ সকলৰো। ইতিমধ্যে যিসকল ক্ৰীড়াবিদে নিজৰ এক সুকীয়া আসন তৈয়াৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক বাদ দিও আৰু বহু তৰুণ প্ৰতিভাও এই মুহূৰ্তত অনিশ্চয়তাৰ গৰাহত আছে। লকডাউনৰ সময়ছোৱাত উপযুক্ত অনুশীলন আৰু প্ৰশিক্ষণৰ অভাৱত খেলুৱৈ সকলৰ প্ৰদৰ্শনত যে প্ৰভাৱ পৰিব সেয়া নিশ্চিত। সেয়ে সকলো খেলুৱৈয়ে সাধ্যনুসৰি কেৱল ফিটনেছ ৰক্ষাৰ ওপৰতে এতিয়া গুৰুত্ব প্ৰদান কৰিছে।

দেশৰ ক্ৰীড়াক ভৱিষ্যতে প্ৰতিনিধিত্ব কৰিব বৰ্তমানৰ তৰুণ খেলুৱৈয়ে। ক্ৰমান্বয়ে লাভ কৰা উন্নত প্ৰশিক্ষণ, কৌশল আৰু নিজেই অৰ্জন কৰা অভিজ্ঞতাই এই তৰুণ খেলুৱৈসকলক ভৱিষ্যতে একো একোজন নিপুণ খেলুৱৈৰূপে গঢ় দিব। পিছে কৰ’না মহামাৰীৰ বাবে এতিয়া দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ ভৱিষ্যত এইসকল তৰুণ খেলুৱৈৰ বাবেও এতিয়া নামি আহিছে অনিশ্চয়তা।

প্ৰতিটো বৰ্ষতে এপ্ৰিলৰ পৰা জুনলৈকে অৰ্থাৎ তিনিটা মাহত বিভিন্ন খেল পথাৰলৈ বা খেৱৰ জগতখনলৈ আগমন ঘটে হাজাৰ হাজাৰ ল’ৰা-ছোৱালী। ক্ৰীড়া জগতখনৰ যিকোনো এটা ক্ৰীড়াত এই খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ আৰু বিকাশৰ বাবে জপিয়াই পৰে। এই সময়ছোৱাতেই অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিবিৰৰ পৰা বিভিন্ন ক্ৰীড়া সংস্থাই ক্ৰীড়া প্ৰতিভা নিৰ্বাচন কৰি উলিয়ায়। বহু ক্ৰীড়া সংস্থা বা ৰাজ্য‌ই এই সময়ছোৱাতেই গ্ৰীষ্মকালীন শিবিৰ আদি অনুষ্ঠিত কৰি, তাৰ পৰা ক্ৰীড়া প্ৰতিভা বিচাৰি উলিয়াই উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। এনে প্ৰশিক্ষণ বা শিবিৰৰ পৰাই অলক্ষিতে এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হয়। পিছে কৰ’না মহামাৰীৰ বাবে চলিত বছৰত এনে প্ৰতিভা যে বিচাৰি উলিয়াব পৰা যাব তাত কিছু জটিলতা পৰিলক্ষিত হৈছে।

দেশত এতিয়া লকডাউনৰ তৃতীয় পৰ্যায়। ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব লকডাউনৰ চতুৰ্থ পৰ্যায়। দেশত যি হাৰত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি খুব সোনকালেই যে দেশ কৰ’না মুক্ত হ’ত তাত নিশ্চয় সকলোৰে সন্দেহ থাকিব। গতিকে চলিত বৰ্ষত গ্ৰীষ্মকালীন ক্ৰীড়া শিবিৰ অনুষ্ঠিত হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘দৈনিক ভাস্কৰ’ ত প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত নহ’লে দেশৰ মাত্ৰ ৭খন ৰাজ্যতে ১০ লাখতকৈ অধিক নতুন প্ৰতিভাৰ ক্ষতি হোৱাটো নিশ্চিত। তথ্য অনুসৰি প্ৰতি বছৰতে মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, আদি ৰাজ্যত প্ৰতি বছৰে ১০ লাখতকৈ অধিক নতুন ক্ৰীড়া প্ৰতিভাই গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰে। এই শিবিৰ সমূহ প্ৰায় তিনিমাহ পৰ্যন্ত চলে।

আনহাতে নতুন প্ৰতিভাসমূহক শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি আন আন দিশৰ পৰা এই তিনিমাহতেই সংগৃহীত কৰা হয় বৃহৎ পৰিমাণৰ ধন। উপৰোক্ত ৰাজ্য কেইখনত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত নোহোৱাৰ বাবেই এতিয়া প্ৰায় ২২০ কোটিৰ পৰা ২৩০ কোটি টকাৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হ’ব লাগিব। যিয়ে সেই ৰাজ্যসমূহৰ ক্ৰীড়া ক্ষেত্ৰখনৰ অৰ্থনৈতিক দিশটোকো প্ৰভাৱিত কৰিব।

ছত্তিশগড়ৰ ক্ৰীড়া মন্ত্ৰী উমেশ পেটেলে এই প্ৰসংগত কৈছে যে, ‘ইয়াত বিভিন্ন ধৰণৰ ক্ৰীড়াৰ শিবিৰ প্ৰায় তিনিমাহ পৰ্যন্ত চলে। য’ত ১৭ হাজাৰতকৈ অধিক তৰুণ প্ৰজন্মৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এইবৰ্ষত নতুন প্ৰতিভাশালী খেলুৱৈ পোৱা নাযাব। ৰাজ্যৰ ক্ৰীড়া অৰ্থনীতিত ১৫ ৰ পৰা ২০ কোটি টকা লোকচান হ’ব।’ অৱশ্যে কৰ’না মহামাৰীৰ আতংক শেষ হোৱাৰ ইংগিত পালে এই শিবিৰসমূহ অনুষ্ঠিত কৰাৰ তাৰিখ ঠিক কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। পিছে ইমান সোনকালে যে কৰ’না মহামাৰীৰ আতংক ৰোধ হ’ব, তাত সন্দেহ আছে।

আনহাতে দেশৰ আন এখন ৰাজ্য গুজৰাটত এইবাৰ প্ৰায় ১৫ হাজাৰ তৰুণ খেলুৱৈৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব।ৰাজ্যখনত এই সময়ছোৱাত ৫০ ৰো অধিক টেবুল টেনিছৰ কেম্প অনুষ্ঠিত হয়। গুজৰাটৰ টেবুল টেনিছ এছ’চিয়েছনৰ তথ্য অনুসৰি চলিত বছৰৰ আগষ্ট মাহলেকে কোনোধৰণৰ ক্ৰীড়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। এই সময়ছোৱাত ৰাজ্যখনৰ ৰেকেট স্প’ৰ্টছ লগত জড়িত প্ৰায় ১৪০০ প্ৰশিক্ষকৰ জীৱনলৈ ভাবুকি নামি আহিব। কেৱল ৰেকেট স্প’ৰ্টছৰ লগত জড়িত খণ্ডতেই ৰাজ্যখনত ৩ কোটি টকাৰ লোকচান হ’ব।

একেদৰে ঝাৰখণ্ডটো চলিত বছৰত কোনো খেলৰেই গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত নহয়। ৰাজ্যখনত প্ৰতিবৰ্ষত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ নামতে প্ৰায় ৬০ লাখ টকা চৰকাৰে খৰছ কৰে। ইয়াৰ উপৰিও বহু ব্যক্তিগত প্ৰতিষ্ঠানেও এই শিবিৰ অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত ৰাজ্যখনত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত নোহোৱাৰ বাবে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে উন্নত প্ৰশিক্ষণ লাভ নকৰিব। ব্যক্তিগত খণ্ডৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁলোক আৰ্থিক লোকচানৰ সন্মুখীন হ’ব। এই কথা ৰাজ্যখনৰ খেল সমন্বয়ক উমা জয়ছোৱালে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

লকডাউনৰ ফলত বন্ধ হৈ গ্ৰীষ্মকালীন শিবিৰৰ ফলত অৰ্থনৈতিকভাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখন ৰাজস্থান। আনহাতে ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰ্মচাৰীৰ ক্ষতিৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে মহাৰাষ্ট্ৰ‌ই। ৰাজস্থানত চলিত বৰ্ষত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত নকৰাৰ বাবে প্ৰায় ২০০কোটি ক্ৰীড়া অৰ্থনীতিৰ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনত ৬০ বছৰ ধৰি চলি অহা মাউণ্ট আবু কেম্প প্ৰথম বাৰৰ বাবে অনুষ্ঠিত নোহোৱাকৈ থাকিব। এই কেম্প অনুষ্ঠিত কৰিবলৈ ৰাজস্থান স্প’ৰ্টছ কাউঞ্চিলে ১ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰে। আনহাতে এই কেম্পত প্ৰায় ৬হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আনহাতে অন্যান্য কেম্প সমূহত প্ৰায় আঢ়ৈ লাখ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই কেম্প সমূহত খেলুৱৈৰ স্কিল আৰু সকলো প্ৰকাৰৰ ডেভলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়। চলিত বৰ্ষত এয়া সম্ভৱ হৈ নুঠিব। এই মন্তব্য ৰাজস্থান স্প’ৰ্টছ কাউঞ্চিলৰ পি আৰ অ’ তেজৰাজ সিঙৰ‌। আনহাতে মহাৰাষ্ট্ৰৰ মুম্বাই, পোনে, নাগপুৰ, ঐৰঙ্গবাদ আৰু অমৰাবটী এই পাঁচখন বৃহৎ চহৰত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিবিৰত প্ৰায় আঢ়ৈ লাখ খেলুৱৈয়ে অংশগ্ৰহণ কৰি আহিছে। চলিত বৰ্ষত এই শিবিৰ অনুষ্ঠিত নহ’ব। যাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰখনৰ লগত জড়িত ৫০ হাজাৰ কৰ্মচাৰী, ৩০ হাজাৰ প্ৰশিক্ষক নিবনুৱা হৈ পৰাৰ লগতে ২ হাজাৰৰো অধিক একাডেমী বন্ধ হৈ পৰিছে।

ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া আন এখন ৰাজ্য মধ্যপ্ৰদেশ। ৰাজ্যখনত দুমাহ ধৰি অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিবিৰ। য’ত ডেৰ লাখ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। চলিত বৰ্ষত এই শিবিৰ অনুষ্ঠিত নহ’ব। যাৰ বাবে খেলুৱৈসকলৰ এবছৰৰ বিনামূলীয়া সদস্যৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। একাডেমী বোৰ বন্ধ হোৱাৰ বাবে ট্ৰেইনি‌ং বন্ধ হৈ পৰিছে। বিভিন্ন ক্ৰীড়া সামগ্ৰী বিক্ৰী নোহোৱাৰ বাবে ক্ৰীড়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বজাৰখনত প্ৰায় ১০ কোটি টকাৰ লোকচান হৈছে।

উল্লেখ্য যে এয়া আছিল কেৱল দেশৰ সাতখন ৰাজ্যৰ তথ্য। এই সাতখন ৰাজ্যৰ উপৰিও অন্যান্য ৰাজ্যসমূহতো বিভিন্ন ক্ৰীড়াৰ প্ৰচুৰ পৰিমাণে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত হোৱাৰ লগতে অন্যান্য প্ৰশিক্ষণ আৰম্ভ হয়। লকডাউনৰ বাবে এই সময়ছোৱাত দেশৰ সকলো ৰাজ্যতে ক্ৰীড়াৰ লগত জড়িত সকলো কাম-কাজ বন্ধ হৈ আছে। এনে পৰিপ্ৰেক্ষিতত দেশৰ ক্ৰীড়া ক্ষেত্ৰখনে যে অৰ্থৰ লগতে বহু প্ৰতিভাৱান ক্ৰীড়া প্ৰতিভা‌ও হেৰুৱাইছে সেয়া নিশ্চিত হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments