Tuesday, October 4, 2022
HomeNewsকোভিড-১৯: এহেজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ এথলিট দুতি চান্দৰ

কোভিড-১৯: এহেজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ এথলিট দুতি চান্দৰ

অলিম্পিয়া বাৰ্তা

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত নিজেও চামিল হৈ ভাৰতীয় তাৰকা এথলিট দৌৰবিদ দুতি চান্দে পিতৃৰ গাঁৱৰ পৰিয়ালৰ মাজত যোগান ধৰিলে খাদ্য সামগ্ৰীৰ। শুক্ৰবাৰে ভুৱনেশ্বৰৰ পৰা প্ৰায় ৭০ কি মি নিলগৰ গোপালপুৰ নামৰ গাঁওখনত উপস্থিত হৈ তেওঁ এই সামগ্ৰীসমূহ বিতৰণ কৰে।

খাদ্য সামগ্ৰী বিতৰণ কৰি দুতি চান্দে কয়,’ এই লকডাউনৰ সময়ছোৱাত মোৰ গাঁৱৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মই তেওঁলোকক সহায় কৰিবলৈ বিচাৰিছিলোঁ। সেয়ে প্ৰশাসনৰ পৰা বিশেষ অনুমতি লৈ মোৰ গাঁৱৰ প্ৰায় এহেজাৰ গৰাকী লোকৰ মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰোঁ।’

২৪ বছৰীয়া এথলিট গৰাকীয়ে লগতে কয় যে, ‘মই পুনৰ এই গাঁৱলৈ আহিম। গাঁওখনত প্ৰায় ৫০০০ লোক আছে। এইবাৰ মই খাদ্য সামগ্ৰীৰ ২০০০টা পেকেট বিতৰণ কৰিম।’ তেওঁক এই কামত সহায় কৰা কে আই আই টিৰ কৰ্মকতা তথা স্থানীয় সাংসদ অচ্যুত সামন্তক এথলিট গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

খাদ্য সামগ্ৰী বিতৰণৰ পাছত দিয়া টুইটটো

উল্লেখযোগ্য যে ভাৰতৰ শীৰ্ষস্থানীয় এথলিট গৰাকীয়ে বৰ্তমানলৈ অলিম্পিকলৈ নিৰ্বাচিত হোৱা নাই। বিশ্ব এথলেটিকছ সন্থাইও কোভিডৰ পৰিপ্ৰেক্ষিতত কোৱালিফিকেচনৰ খেলসমূহ এই বছৰৰ শেষলৈ পিছুৱাই দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments