Monday, October 3, 2022
HomeNewsট্ৰেকলৈ উভতিল দুতি চান্দ, সামাজিক দূৰত্ব মানি চলি কৰিলে অনুশীলন

ট্ৰেকলৈ উভতিল দুতি চান্দ, সামাজিক দূৰত্ব মানি চলি কৰিলে অনুশীলন

অলিম্পিয়া বাৰ্তা

প্ৰায় দুমাহৰ অন্তৰালত ট্ৰেকলৈ উভতিল দেশৰ আগশাৰীৰ ষ্প্ৰিণ্টাৰ দুতি চান্দ। সোমবাৰে ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত পুনৰ অনুশীলনত নামে ২৪ বছৰীয়া এথলিটগৰাকী।

” মই সুখী যে খেলুৱৈৰ বাবে ট্ৰেক মুকলি দিয়া হৈছে। ইতিমধ্যে লকডাউনৰ বাবে আবদ্ধ হৈ পৰাত স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। এতিয়া স্বাস্থ্যৰ লগতে ফিটনেছ ঘূৰাই অনাৰ উদ্দেশ্যে কাম কৰিব লাগিব। অৱশ্যে বৰ্তমান মোৰ সৈতে প্ৰশিক্ষক নাই। ইয়াত অকলেই মই মোৰ অনুশীলন চলাই নিব লাগিব। ” চান্দে সংবাদ প্ৰতিষ্ঠান এ এন আই’ক এইদৰে কয়।

দুতি চান্দে অনুশীলনৰ সময়ছোৱাত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে খেলুৱৈ সকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি নিয়ম পালন কৰি যাব বুলিও উল্লেখ কৰে। “কৰোনা ভাইৰাছৰ বিৰোধী যুঁজখনত সামাজিক দূৰত্ব বজাই ৰখাটো যথেষ্ট দৰকাৰী। আমাক অনুশীলনৰ সুবিধা প্ৰদান কৰিছে আৰু আমি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম সমূহ পালন কৰা উচিত।” দুতিয়ে লগতে কয়।

উল্লেখযোগ্য যে এই বছৰৰ ডিচেম্বৰলৈকে সন্মুখত কোনো বৃহৎ প্ৰতিযোগিতা নাই। অলিম্পিক ২০২১ বৰ্ষলৈ পিছুৱাই দিয়াৰ পিছত এতিয়া যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাৰো নতুন সময় নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি অলিম্পিকলৈ যোগ্যতা বাচনিৰ সময়সীমা ২০২১ বৰ্ষৰ ২৯ জুন নিৰ্ধাৰণ কৰা হৈছে। সেই দৃষ্টিৰে চাবলৈ গ’লে চান্দৰ হাতত এতিয়া ১৩ মাহকৈ সময় আছে পৰৱৰ্তী যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাৰ বাবে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments