Tuesday, October 4, 2022
HomeNewsনিজেই ৭০ কিলোমিটাৰ গাড়ী চলাই জন্মভূমিত সাহায্য দিলে দ্যুতিয়ে

নিজেই ৭০ কিলোমিটাৰ গাড়ী চলাই জন্মভূমিত সাহায্য দিলে দ্যুতিয়ে

olympiasports.in

কৰ’না মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ স্তব্ধ হৈ পৰিছে। এই সময়ছোৱাত বিভিন্ন ক্ৰীড়াবিদে চৰকাৰলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে অসহায় জনলৈও সহায়ৰ হাত আগবঢ়াইছে। শেহতীয়াকৈ দৰিদ্ৰ, অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই সংবাদ শিৰোনামা দখল কৰিছে ভাৰতৰ আগশাৰীৰ এথলিট দ্যুতি চান্দে।

এথলিট চান্দে নিজৰ জন্মভূমি উৰিষ্যাৰ জজপুৰ জিলাৰ চাকা গোপালপুৰৰ অসহায় দৰিদ্ৰজনক সহায় কৰিবলৈ ভূৱনেশ্বৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ পথ নিজেই গাড়ী চলাই গৈ উপস্থিত হয়। নিজৰ গা‍ঁৱত উপস্থিত হয় এথলিটগৰাকী।

উৰিষ্যা চৰকাৰৰ পৰা বিশেষ পাৰ প্ৰত্ৰ সংগ্ৰহ কৰি চান্দে জন্মভূমিলৈ নিজৰ গাড়ীত বিভিন্ন খাদ্যৰ টোপোলা লৈ যায়।

প্ৰায় ৭০ কিলোমিটাৰ বাট অতিক্ৰম কৰি গাড়ীত খাদ্যৰ টোপোলা লৈ এথলিট গৰাকী নিজৰ গাঁৱত উপস্থিত হোৱাৰ পিছতেই গাওঁবাসী উৎফুল্লিত হৈ পৰে।

নিজ জন্মভূমিৰ অসহায় দৰিদ্ৰ জনক এইদৰে সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে এথলিট দ্যুতি চান্দক গাওঁবাসীৰ লগতে দেশৰ বিভিন্নজনে ধন্যবাদ জনাইছে। আনহাতে দ্যুতিয়ে গাওঁবাসীক আশ্বাস প্ৰদান কৰিছে যে পুনৰ তেওঁ গাওঁবাসীক আকৌ খুব সোনকালেই সহায়ৰ হাত আগবঢ়াবলৈ গাঁৱলৈ আহিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments