পাকিস্তান ছুপাৰ লীগত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা কৰাছী কিংছৰ প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব একোটাকৈ এপাৰ্টমেণ্ট। পাকিস্তানৰ সাংবাদিক ওমৰ কোৰেছিয়ে টুইটাৰত উল্লেখ কৰা অনুসৰি কৰাছী কিংছৰ স্বত্বাধিকাৰী চলমান ইকবালে পিএছএল জয় কৰা কৰাছী কিংছৰ প্ৰতিজন খেলুৱৈলৈ একোটাকৈ এপাৰ্টমেণ্ট ঘোষণা কৰিছে।
উল্লেখ্য যে কৰাছী কিংছৰ স্বত্বাধিকাৰী চলমান ইকবাল এক ৰিয়েল ইষ্টেট প্ৰজেক্টৰ জৰিয়তে এই এফাৰ্টমেণ্টসমূহ বিতৰণ কৰিব।