Tuesday, July 5, 2022
HomeNewsঈগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগ একাডেমী মুকলি

ঈগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগ একাডেমী মুকলি

অলিম্পিয়া প্ৰতিবেদন

দেওবাৰে ছয়মাইলস্থিত জয়ানগৰৰ লক্ষ্মীপথত মুকলি কৰা হয় ঈগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগ একাডেমীৰ।আই টি এফ টাং ছ্যু ড’ স্পৰ্টছ এছ’চিয়েচন অফ আছামৰ অধীনত মুকলি কৰা একাডেমীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে।

উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অসম আৰক্ষীৰ ডি আই জি পাৰ্থ সাৰথি মহন্তই। ইয়াৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, ফুটবলাৰ দুৰ্গা বড়ো, অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছাকে ধৰি বিশিষ্ট লোকসকল।

অনুষ্ঠানৰ লগত সংগতি ৰাখি লকডাউনৰ সময়ত বিশ্ব তথা এছিয়ান চেম্পিয়নশ্বিপৰ পদকপ্ৰাপ্ত খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে, আই টি এফ টাং ছ্যু ডো স্পৰ্টছ এছোচিয়েচন অৱ আছামে দীৰ্ঘদিন ধৰি অসমত সমৰকলাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে কাম কৰি আহিছে। নতুনকৈ স্থাপন কৰা একাডেমীখনে ৰাজ্যত সমৰকলাক জনপ্ৰিয় কৰি তোলাৰ সমান্তৰালভাৱে যোগৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব বুলি আশা প্ৰকাশ কৰিছে ক্রীড়াপ্ৰেমী ৰাইজে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments