Tuesday, October 4, 2022
HomeNewsপূব নলবাৰী ক'চিং চেণ্টাৰৰ ভলীবল খেলুৱৈ অসম দলত

পূব নলবাৰী ক’চিং চেণ্টাৰৰ ভলীবল খেলুৱৈ অসম দলত

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী ক্ৰীড়া সন্থাৰ সাময়িকভাৱে স্বীকৃতিপ্ৰাপ্ত ক্লাব পূব নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ পূৰৱী কলিতাই ৭ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ ভূৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া অসমৰ মহিলা দলটোত স্থান লাভ কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । ইয়াৰ আগতেও তেওঁ ২০১৮ চনৰ ১৯–২৫ ডিচেম্বৰত পঞ্জাৱত অনুষ্ঠিত ৪৫ সংখ্যক জুনিয়ৰ নেচনেল আৰু ২০১৯ বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী ২০২০লৈ উৰিষ্যাত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল । পূৰৱীৰ ঘৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডলৰ দলুৱা গাঁৱত । দেউতাক আৰু মাকৰ নাম ক্ৰমে তাৰিণী কলিতা আৰু ভাৰতী কলিতা । গাখীৰ বিক্ৰী কৰি কোনোমতে যোৰা-টাপলি মাৰি ঘৰ চলাই থকা পূৰৱীৰ এই সফলতাত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, পূব নলবাৰী ক’চিং চেণ্টাৰৰ সভাপতি, সম্পাদক ক্ৰমে দীপক কুমাৰ দাস, হিতেশ দাস, বি জে পি দলৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাকে আদি বিভিন্নজন ব্যক্তিয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । উল্লেখ্য যে ইতিমধ্যে পূব নলবাৰী ক’চিং চেণ্টাৰৰ ৫২ গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments