Thursday, July 7, 2022
HomeNewsপূব মণ্ডল জুনিয়ৰ এথলেটিকছৰ সামৰণি: ২৬ টা স্বৰ্ণ, ৩২ টা ৰূপ আৰু...

পূব মণ্ডল জুনিয়ৰ এথলেটিকছৰ সামৰণি: ২৬ টা স্বৰ্ণ, ৩২ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰে অসম শ্ৰেষ্ঠ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আয়োজিত ৩২ তম পূব মণ্ডল জুনিয়ৰ এথলেটিকছত ঘৰুৱা দল অসমে শ্ৰেষ্ঠত্ব অর্জন কৰিছে।

প্ৰতিযোগিতাখনত অসমে ২৬ টা স্বৰ্ণ, ৩২ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদক দখল কৰি মুঠ ৪৬২ পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ঝাৰখণ্ড আৰু বিহাৰে।

দেশৰ ৯ খন ৰাজ্যৰ মুঠ ৩৫৩ গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত সাংসদ কুইন ওজা, প্ৰাক্তন এথলিট তৈবুননিছা, আয়োজক কমিটিৰ অধ্যক্ষ তথা ক্রীড়া সঞ্চালক ধৰ্মকান্ত মিলি, আয়োজক কমিটিৰ সম্পাদক অশোক কুমাৰ ভৰালী, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মা, কোসাধ্যক্ষ তপন দাস আদিকে কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ক’ভিড প্ৰটোকলৰ মাজেদি দুদিনীয়কৈ আয়োজিত প্ৰতিযোগিতাখনত মুঠ ১০৫ টা ইভেণ্টৰ খেল অনুষ্ঠিত হয়। প্ৰশিক্ষক নিপন দাসে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ীসকলক বঁটাসমূহ বিশিষ্ট ব্যক্তিসকলে প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments