অলিম্পিয়া প্ৰতিবেদন
অসম এথলেটিকছ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হৈছে ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে সম্পূৰ্ণ ক’ভিড নীতি-নিয়মেৰে গুৱাহাটী ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সমবেত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৯ খন ৰাজ্যৰ ৩৫৩ গৰাকী এথলীট।
প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰা ৰাজ্যকেইখন ক্ৰমে-অসম,আন্দামান নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, ঝাৰখণ্ড,ত্ৰিপুৰা,মেঘালয়,চিকিম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ।
সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা সৰ্বমুঠ ১০৪ টা ইভেন্টৰ প্ৰতিযোগিতাত অংশগ্ৰহনকাৰী মহিলা প্ৰতিযোগীৰ সংখ্যা ১৩০ গৰাকী হোৱাৰ বিপৰীতে পুৰুষ প্ৰতিযোগী হৈছে ২২৩ গৰাকী। অসম ক্ৰীড়া প্ৰাধিকৰনৰ সঞ্চালকপ্ৰধান ওমকাৰ কেডিয়া উপস্থিত থাকিব লগা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা। সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হৈছে প্ৰতিযোগিতাখন।
প্ৰতিযোগিতাৰ প্ৰতিটো কাৰ্যসূচীতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, উদ্যোক্তা সমিতিৰ অধ্যক্ষ ধৰ্মকান্ত মিলি আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।
আনহাতে কভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত কিছু অসুবিধাৰ বাবে এই বাতৰিৰ জৰিয়তে প্ৰাক্তন খেলুৱৈসকলক এথলীটসকলক নিমন্ত্ৰন জনাইছে উদ্যোক্তা সমিতিয়ে।