আই পি এলৰ পৰৱৰ্তী মেচসমূহত ভাগ লোৱা নোলোৱাটো খেলুৱৈসকলৰ সিদ্ধান্ত: ই চি বি

অলিম্পিয়া প্রতিবেদন

আই পি এলত সম্প্ৰতি কোভিড ভীতি। কোভিডৰ কৰাল গ্ৰাসত চতুৰ্দশ আই পি এল। জৈৱ সুৰক্ষাৰ বেহু ভাঙি এতিয়া আই পি এলত ইজনৰ পিছত সিজনকৈ খেলুৱৈ আক্ৰান্ত হৈছে কোভিড-১৯ত।

সোমবাৰে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখন কোভিড শংকাৰ বাবেই বাতিল কৰিবলগীয়া হয়। মেচখনৰ প্রাকমুহূৰ্তত কলকাতা নাইট ৰাইডাৰ্ছৰ দুজনকৈ খেলুৱৈ কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ বাবেই বাতিল কৰিবলগীয়া হল উক্ত মেচ। তাৰ পিছতেই পুনৰ খবৰ আহিল চেন্নাই ছুপাৰ কিংছৰো তিনিজনকৈ ষ্টাফ কোভিডত আক্ৰান্ত হোৱাৰ।

এনে এক পৰিস্থিতিত এতিয়া আই পি এলত খেলি থকা বিদেশী খেলুৱৈসকল শংকিত হৈ পৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়াৰ বহুকেইজন খেলুৱৈয়ে মাজ ভাগতে আই পি এল ত্যাগ কৰিছে। দেশত ক্ৰমবৰ্ধমান আই পি এল সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ডেও ইংলেণ্ডৰ খেলুৱৈ সকলৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। তেওঁলোকে বাকী থকা আই পি এলত অংশগ্ৰহণ কৰা নকৰাৰ সিদ্ধান্ত খেলুৱৈ সকলৰ ওপৰতেই এৰি দিছে।

ইংলেণ্ডৰ খেলুৱৈসকলে বাকী থকা আই পি এলৰ খেলসমুহত অংশগ্ৰহণ কৰিব নে স্বদেশলৈ উভতি যাব সেই কথাৰ সিদ্ধান্ত তেওঁলোকেই গ্ৰহণ কৰিব। সম্প্ৰতি ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ নিৰীক্ষণত আছে ভাৰতৰ কোভিড পৰিস্থিতি। বোৰ্ডে খেলুৱৈসকলৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। এক বিজ্ঞপ্তিত খেলুৱৈ সকলক প্ৰয়োজনীয় যিকোনো সহায় কৰিবলৈ বোৰ্ড প্ৰস্তুত বুলিও উল্লেখ কৰিছে ই চি বিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *