অলিম্পিয়া প্রতিবেদন
হাজাৰ হওঁক, পূৰ্বৰ ক্লাব চেলচীৰ সৈতে আছে মধুৰ স্মৃতি। এই ক্লাবত থাকিয়েই তাৰকাৰ সন্মান অর্জন কৰিছিল হাজাৰ্ডে। নজৰত আহিছিল ৰিয়েল মাদ্রিদৰো। সাত বছৰ কাল লণ্ডনত থাকি গোটাইছে অনেক বন্ধুও। সেই পূৰ্বৰ ক্লাবৰে পূৰ্বৰ সতীৰ্থ কোর্ট জুমাৰ সৈতে বৃহস্পতিবাৰে হাঁহিত মচগুল হোৱা দেখা পোৱা গ’ল হাজাৰ্ডক।
বৃহস্পতিবাৰে অনুষ্ঠিত চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত ৰিয়েল মাদ্রিদ পৰাস্ত হয় চেলচীৰ হাতত। মেচৰ অন্তত এটা দলৰ সৈতে আনটো দলৰ খেলুৱৈৰ বন্ধুত্বসুলভ কৰমৰ্দন তেনেই স্বাভাৱিক। ইমানৰ লৈকে সকলো ঠিকেই আছিল। কিন্তু কৰমৰ্দন কৰিবলৈ গৈ পূৰ্বৰ সতীৰ্থৰ সৈতে প্ৰাণখোলা হাঁহি মাৰি এতিয়া অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হৈছে চেলচীৰ প্ৰাক্তন খেলুৱৈ তথা ৰিয়েল মাদ্রিদৰ তাৰকা খেলুৱৈ ইডেন হাজাৰ্ড।
খেলত পৰাজিত হোৱাৰ পিছতো প্ৰতিপক্ষৰ দলৰ সদস্যৰ সৈতে হাঁহিত মচগুল হৈ থকা দৃশ্যই এতিয়া ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে।একাংশ ৰিয়েল মাদ্রিদৰ অনুৰাগীক এই দৃশ্যই অসন্তুষ্ট কৰি তোলা দেখা গৈছে। বহুতে পূৰ্বৰ দলৰ মোহ এৰিব পৰা নাই বুলি তাচ্ছিল্য কৰিছে হাজাৰ্ডক। এই লৈ হাজাৰ্ডে এতিয়া স্পষ্টীকৰণ দিবলগীয়া পৰিস্থিতিৰো সূচনা হৈছে।
সামাজিক মাধ্যমত হাজাৰ্ডে সেই ঘটনাৰ স্পষ্টীকৰণ দি কৈছে যে ৰিয়েল মাদ্রিদৰ অনুৰাগীসকলক মনোকষ্ট দিয়াৰ উদ্দেশ্য মোৰ নাছিল। মই সদায় এই ক্লাবত খেলাৰ সপোন দেখিছিলোঁ। মই ইয়াত জিকিবলৈ আহিছোঁ।