Tuesday, October 4, 2022
HomeNewsশুৱালকুছি স্প'ৰ্টছ একাডেমীৰ শিক্ষামুলক ভ্ৰমণ; চাইকেলেৰে উত্তৰ গুৱাহাটীৰ তীৰ্থস্থান দৰ্শন

শুৱালকুছি স্প’ৰ্টছ একাডেমীৰ শিক্ষামুলক ভ্ৰমণ; চাইকেলেৰে উত্তৰ গুৱাহাটীৰ তীৰ্থস্থান দৰ্শন

অলিম্পিয়া প্ৰতিবেদন

গ্ৰামাঞ্চলৰ পৰা খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে ২০১৯ বৰ্ষত জন্মলাভ কৰা স্পৰ্টছ একাডেমী অৱ শুৱালকুছিয়ে বুধবাৰে শুৱালকুছিৰ পৰা উত্তৰ গুৱাহাটীলৈ এক শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। একাডেমীখনৰ প্ৰশিক্ষক সহিতে ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বুধবাৰে পুৱা শুৱালকুছিৰ মূল প্ৰবেশদ্বাৰৰ পৰা চাইকেল চলাই যাত্ৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটী গুৱাহাটীস্থিত আউনীআটী সত্ৰ,দৌল গৌবিন্দ মন্দিৰৰ লগতে হৰেকৃষ্ণ মন্দিৰ দৰ্শন কৰে। এই ৩ খন তীৰ্থস্থান দৰ্শন কৰি বহু অভিজ্ঞতা সংগ্ৰহ কৰা ছাত্ৰ-ছাত্ৰী সকলে ভগৱন্তক সেৱা জনোৱাৰ লগতে পথেৰে গৈ থকা সময়ত প্ৰত্যক্ষ কৰা পথচাৰী সকলক ক্ৰীড়াৰ বিষয়ে উল্লেখ কৰি খেলৰ বাবে আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তীৰ্থস্থান সমূহত উপস্থিত হৈ খেলুৱৈসকলে বিশ্ববাসীৰ শান্তি কামনা কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা আগবঢ়াই।

আনহাতে এই ভ্ৰমন কালতে একাডেমীখনৰ বৰ্ষপূৰ্তি উপলক্ষে হাতত লোৱা এক বিশেষ কাৰ্যসূচী ‘মত বিনিময়’ অনুষ্ঠানৰ অংশস্বৰূপে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁইক সাক্ষাৎ কৰি একাডেমীৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে মত আগবঢ়োৱাৰ লগতে সম্পাদক গৰাকীয়ে খেলুৱৈসকলৰ সন্মুখত ভৱিষ্যতলৈ লক্ষ্য ৰাখি বহু পৰামৰ্শ আগবঢ়াই। এই কাৰ্যসূচীৰ অংশস্বৰূপে ইতিমধ্যে একাডেমীৰ বিষয় ববীয়া সকলে অসম এথলেটিকচ সন্থাৰ সম্পাক অশোক কুমাৰ ভৰালী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ সাক্ষাৎ গ্ৰহনেৰে ভিন্ন পৰামৰ্শ সংগ্ৰহ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments