Sunday, October 2, 2022
HomeNewsক্ৰিকেট কেৰিয়াৰত একাধিক দেশক প্ৰতিনিধিত্ব কৰা কেইজনমান ক্ৰিকেটাৰ

ক্ৰিকেট কেৰিয়াৰত একাধিক দেশক প্ৰতিনিধিত্ব কৰা কেইজনমান ক্ৰিকেটাৰ

olympiasports.in

ক্ৰিকেটৰ ইতিহাসত এনে বহু ক্ৰিকেটাৰ আছে যিয়ে নিজৰ কেৰিয়াৰত একাধিক দেশৰ হৈ খেলপথাৰত নামিছে। আজি আমি কেইজনমান এনে ক্ৰিকেটাৰৰ বিষয়ে উল্লেখ কৰিম যিসকলে প্ৰথমে ভাৰতক প্ৰতিনিধিত্ব কৰি পৰবৰ্তী সময়ত বিদেশী ৰাষ্ট্ৰৰ হৈ ক্ৰিকেট খেলিছিল।

গুল মহম্মদ

গুল মহম্মদ

এইজন ক্ৰিকেটাৰে প্ৰথমে ভাৰত আৰু তাৰ পিছত পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল। মহম্মদে ভাৰতৰ হৈ ৮ খন আৰু পাকিস্তানৰ হৈ এখন টেষ্ট খেলিছে। ১৯২১ চনত জন্ম গ্ৰহণ কৰা গুল মহম্মদে প্ৰথমে ইছলামিক কলেজৰ হৈ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰি ১৯৩৮ চনত প্ৰথম ৰঞ্জি কেৰিয়াৰ আৰম্ভ কৰে। এগৰাকী এটেকিং বাওঁহতীয়া বেটছমেন হিচাপে পৰিচিত গুল মহম্মদ এগৰাকী বাওঁহতীয়া সুদক্ষ বলাৰো আছিল। ১৯৪৬ চনত ভাৰতৰ জাতীয় দলৰ হৈ খেলিবলৈ আৰম্ভ কৰা গুল মহম্মদে ১৯৫৫ চনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰে আৰু পৰবৰ্তী সময়ত পাকিস্তানৰ হৈ এখন টেষ্ট খেলে।


আমিৰ ইলাহী

আমিৰ ইলাহী

আমিৰ ইলাহী এনে এজন ক্ৰিকেটাৰ যি দুখন দেশক প্ৰতিনিধিত্ব কৰাৰ উপৰিও টেষ্ট ক্ৰিকেটৰ কনিষ্ঠ ২০ জন ক্ৰিকেটাৰৰ এজন। এগৰাকী মেডিয়াম পেছ বলাৰ হিচাপে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা ইলাহীয়ে ভাৰতৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট খেলাৰ উপৰিও পৰবৰ্তী সময়ত পাকিস্তানৰ হৈ পাঁচখন টেষ্টত অংশগ্ৰহণ কৰে আৰু আটাইকেইখন টেষ্ট আছিল ভাৰতৰ বিৰুদ্ধে। আমিৰ ইলাহীয়ে ভাৰতৰ বৰোদাৰ হৈ ৰঞ্জি ক্ৰিকেটত অভিলেখ সংখ্যক উইকেট দখল কৰিবলৈয়ো সক্ষম হৈছিল। ৰঞ্জি ক্ৰিকেটত ইলাহীয়ে১৯৩ টা উইকেট দখল কৰিছিল।

আব্দুল হাফিজ কাৰ্দাৰ

আব্দুল হাফিজ কাৰ্দাৰ

পাকিস্তান ক্ৰিকেটত এইগৰাকী আব্দুল হাফিজ কাৰ্দাৰে এটা নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল।পোন প্ৰথমে ভাৰতক প্ৰতিনিধিত্ব কৰা আব্দুল হাফিজ কাৰ্দাৰে পৰবৰ্তী সময়ত পাকিস্তানৰ হৈ ২৩খন আন্তঃৰাষ্ট্ৰীয় টেষ্টত অ‌ংশ লয়। আব্দুল হাফিজে ১৯৪৬ চনত ইংলেণ্ড ভ্ৰমণৰ সময়চোৱাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পিছতেই আব্দুলে পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰি পাকিস্তানৰ হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে আৰু পাকিস্তানৰ ক্ৰিকেটৰ ৰূপ সলনি কৰি দিবলৈ সক্ষম হয়।

কৃষ্ণ চন্দ্ৰন

কৃষ্ণ চন্দ্ৰন

কেৰেলাৰ হৈ ক্ৰিকেটত আত্ম প্ৰকাশ কৰা কৃষ্ণ চন্দ্ৰনে পৰবৰ্তী সময়ত ইউ এ ইৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। কৃষ্ণ চন্দ্ৰন প্ৰথমজন কেৰেলাৰ খেলুৱৈ যিয়ে প্ৰথম অৱস্থাত ইউ এ ইক প্ৰতিনিধিত্ব কৰিছে। কৃষ্ণ‌ই ইউ এ ইৰ হৈ ১২খন এদিনীয়াত অংশগ্ৰহণ কৰি ৭ উইকেট দখল কৰাৰ বিপৰীতে ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

স্বপনীল পাটিল

স্বপনীল পাটিল

মুম্বাইৰ অনূৰ্ধ্ব ১৯ আৰু অনূৰ্ধ্ব ২২ ৰ হৈ ক্ৰিকেট খেলা স্বপনীলে ইউ এ ইলৈ কৰ্মৰ বাবে যায়। ইউ এ ইত কাম কৰিবলৈ যোৱা স্বপনীল পাটিলে ইউ এ ইত কাম কৰি থকাৰ মাজতে দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ সুযোগ লাভ কৰে। ইউ এ ইৰ হৈ আত্ম প্ৰকাশ কৰা মেচখনতে‌ই শতক অৰ্জন কৰি স্বপনীলে চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনৰ বিশ্বকাপ ক্ৰিকেটৰ কোৱালিফায়িংৰ চূড়ান্ত মেচখনত স্কটলেণ্ডৰ বিৰুদ্ধে এই শতক অৰ্জন কৰিছিল। স্বপনীলে ইউ এ ইৰ হৈ ১৩ খন এদিনীয়া আৰু ১৮ খন টি-২০ ক্ৰিকেটত অংশগ্ৰহণ কৰিছে।

মুনিছ আনচাৰি

মুনিছ আনচাৰি

এইগৰাকী বলাৰে ২০০৫ চনত সংবাদ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনৰ শ্ৰীলংকা চিৰিজৰ সময়ত নেট অনুশীলনৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছিল। শ্ৰীলংকাৰ বিখ্যাত বলাৰ লাচিথ মালি‌ংগাৰ বলিং এক্সনৰ লগত হুবহু বলিং এক্সনৰ বাবে মুনিছ আনচাৰি চৰ্চালৈ আহিছিল। এইগৰাকী ক্ৰিকেটাৰে উমানৰ হৈ টি-২০ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও আনচাৰিয়ে উমানৰ হৈ ২০১৬ চনৰ টি-২০ বিশ্বকাপটো অংশগ্ৰহণ কৰিছিল। বৰ্তমানেও উমান দলৰ এগৰাকী নিয়মীয়া বলাৰ হিচাপে পৰিচিত আনচাৰিয়ে ভাৰতীয় একাদশৰ হৈ ক্লাব ক্ৰিকেটত কেভিন পিটাৰেচন, এন্দ্ৰিউ ফ্লিণ্টফৰ দৰে তাৰকা খেলুৱৈৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

জীত ৰাভেল

জীত ৰাভেল

গুজৰাটৰ হৈ অনূৰ্ধ্ব ১৫ আৰু অনূৰ্ধ্ব ১৭ ৰ ক্ৰিকেট খেলা জীতে শেহতীয়াকৈ নিউজিলেণ্ডৰ হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে।নিউজিলেণ্ডৰ জিম্বাৱে’ আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়চোৱাত জীতে নিউজিলেণ্ড দলত স্থান লাভ কৰিছিল। এক সংবাদ মেলত জীতে সাংবাদিকৰ আগত ভাৰতীয় দলৰ লগত থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে কয় এইদৰে – ‘মই অনূৰ্ধ্ব ১৫ আৰু অনূৰ্ধ্ব ১৭ ত গুজৰাটক প্ৰতিনিধিত্ব কৰিছিলোঁ।মুম্বাইৰ হৈ খেলা ৰাহানে, সৌৰাষ্ট্ৰৰ হৈ খেলা জাদেজা, ইশান্ত শৰ্মা, পিযূষ হাজৰিকাৰ লগত খেলাৰ সময়খিনিৰ কথা মোৰ মনত পৰে। পাৰ্থিব পেটেল মোৰ এজন ভাল বন্ধু। তেওঁ কষ্ট কৰিবলৈ মোক অনুপ্ৰেৰণা যোগায়।’

শক্তি গাউচান

শক্তি গাউচান

এইগৰাকী নেপালী ক্ৰিকেটাৰৰ ভাৰতৰ হৈ খেলাৰ খুব ইচ্ছা আছিল। মুম্বাইৰ হৈ অনূৰ্ধ্ব ১৫ আৰু অনূৰ্ধ্ব ১৭ দলত স্থান লাভ কৰা শক্তিয়ে পৰবৰ্তী সময়ত নেপালৰ জাতীয় দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰা শক্তি দ্বিতীয় গৰাকী নেপালী ক্ৰিকেটাৰ ৰূপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও শক্তিয়ে ২০০২ চনৰ অনূৰ্ধ্ব ১৯ বিশ্বকাপ ক্ৰিকেটত নিউজিলেণ্ডৰ হৈ অংশগ্ৰহণ কৰাৰ উপৰিও এ চি চি ট্ৰফীত নিউজিলেণ্ডৰ চিনিয়ৰ ক্ৰিকেট দলটো স্থান লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments