অলিম্পিয়া বাৰ্তা
ঝাৰখণ্ডৰ এগৰাকী এথলিট। নাম গীতা কুমাৰী। এসময়ত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল তেওঁ। কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটো পোহপাল দিবলৈ অৱশেষত পাচলি বেপাৰত নামিব লগা হ’ল সেই গৰাকী কৃতি এথলিট।
অৱশ্যে এথলিট গীতা কুমাৰীৰ এনে দুৰৱস্থাৰ কথা গম পাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেন আগবাঢ়ি আহিছে তেওঁক সহায় কৰিবলৈ। মুখ্যমন্ত্ৰীজনে টুইটাৰৰ মাধ্যমেৰে এই কথা জানিবলৈ পাই গীতা কুমাৰীক ৫০,০০০ টকাৰ সাহাৰ্য্য প্ৰদান কৰে। লগতে গীতা কুমাৰীক পুনৰ খেলিবলৈ সুবিধা কৰি দিয়াৰ বাবদ প্রতি মাহে ৩০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। গীতা কুমাৰীয়ে যাতে পুনৰ খেলত আগবাঢ়ি যাব পাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা ল’বলৈ চৰেনে ৰামগড় জিলাৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰাৰ লগে লগে ৰামগড়ৰ উপায়ুক্ত সন্দ্বীপ সিং সোমবাৰে গৈ গীতা কুমাৰীৰ ঘৰত উপস্থিত হয় আৰু এথলিটগৰাকীক ৫০,০০০ টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ লগতে এটা প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলনৰ ব্যৱস্থাও কৰি দিয়ে।

এই সিদ্ধান্তৰ পিছত কুমাৰীৰ সম্পৰ্কীয় এগৰাকী বায়েকে কয়, “তেওঁ শাক-পাচলি বিক্ৰী কৰাৰ লগতে আনন্দ কলেজত স্নাতকৰ শিক্ষাও গ্ৰহণ কৰি আছিল। তেওঁৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল। মোৰ ভন্টীয়ে তেওঁ খেলা ইভেণ্টটোত আগবাঢ়ি যাবলৈ ইচ্ছুক। এতিয়া প্ৰশাসনে তেওঁক যিহেতু সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেওঁ অত্যন্ত সুখী। ”
উল্লেখযোগ্য যে গীতা কুমাৰীয়ে ৰেচ ৱাকিঙত এই পৰ্যন্ত ৰাজ্যিক পৰ্যায়ত আঠোটাকৈ স্বৰ্ণ পদক লাভ কৰিছে। লগতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো তেওঁ এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।