Monday, October 3, 2022
HomeNewsঅলিম্পিকত অন্তৰ্ভুক্ত হ'ব লাগে টি-১০ ক্ৰিকেট: ইয়ন ম'ৰগান

অলিম্পিকত অন্তৰ্ভুক্ত হ’ব লাগে টি-১০ ক্ৰিকেট: ইয়ন ম’ৰগান

অলিম্পিয়া বাৰ্তা

ইংলেণ্ডৰ টি-২০ দলৰ অধিনায়ক ইয়ন ম’ৰগানে অলিম্পিকত টি-১০ ক্ৰিকেটৰ অন্তৰ্ভুক্তি কৰাৰ পক্ষত মত পোষণ কৰিছে। ম’ৰগানে অনুভৱ কৰে যে টি-১০ ক্ৰিকেটৰ উদ্ভাৱন হ’লে কম সময়ৰ ভিতৰতে খেলবিধ সমাপন হ’ব। আৰু ই অলিম্পিকৰ দৰে দৰে প্ৰতিযোগিতাৰ সময়সূচীৰ সৈতে খাপ খাই পৰিব।

” বাকী তিনি ধৰণৰ ক্ৰিকেটতকৈ টি-১০ ক্ৰিকেট অলিম্পিক অথবা কমনৱেলথ গেমছৰ সময়সূচীৰ সৈতে খাপ খাই পৰাৰ সম্ভাৱনা থাকে। এই ধৰণৰ মেচসমূহ হ’লে ১০ দিন মানতে গোটেই টুৰ্ণামেণ্টৰ খেলসমূহ অনুষ্ঠিত কৰিব পৰা যায়। ” ম’ৰগানে এইদৰে কয় ই এছ পি এন ক্ৰিকইনফ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আগত।

উল্লেখযোগ্য যে ১৯০০ চনৰ পিছৰ পৰা ক্ৰিকেট কেতিয়াও অলিম্পিকত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ১৯০০ৰ অলিম্পিকত ক্ৰিকেট খেলোৱা হৈছিল য’ত গ্ৰেট ব্ৰিটেইনে ফ্ৰান্সক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল।

ইয়াৰ লগতে ১৯৯৮ চনত কমনৱেলথ গেমছতো খেলবিধ অন্তৰ্ভুক্ত কৰা হৈছিল, য’ত দক্ষিণ আফ্ৰিকাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২০ বৰ্ষত বাৰ্মিংহামত হ’বলগীয়া কমনৱেলথ গেমছত অৱশ্যে মহিলা টি-২০ ৰ অন্তৰ্ভুক্ত কৰা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments