অলিম্পিয়া প্রতিবেদন
এলা শ্বিশকিনা। সাঁতোৰত একেলেঠাৰিয়ে তিনিটাকৈ অলিম্পিক স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে এইগৰাকী ৰুছ সাঁতোৰবিদে। বিশ্বৰে এগৰাকী আগশাৰীৰ সাঁতোৰবিদ এলা শ্বিশকিনাৰ এটা মন্তব্যই সম্প্ৰতি সৰ্বত্ৰে আলোড়নৰ সৃষ্টি কৰিছে। এলা শ্বিশকিনাই তেওঁৰ সফলতাৰ ৰহস্য ভেদ কৰি কোৱা কথাত এতিয়া তোলপাৰ সামাজিক মাধ্যম। টকিঅ’ অলিম্পিকত আৰ্টিষ্টিক ছুইমিঙত স্বৰ্ণ অর্জন কৰা শ্বিশকিনাৰ মতে যৌন সম্ভোগেই হৈছে তেওঁৰ সফলতাৰ আঁৰৰ ৰহস্য। যৌন সম্ভোগে তেওঁক শক্তি প্ৰদান কৰে। যৌনতাৰ বাবেই ক্রীড়াক্ষেত্ৰত তেওঁ শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এলাই ইয়াৰ পূৰ্বে ২০১২ৰ লণ্ডন আৰু ২০১৬ৰ ৰিঅ’ আলিম্পিকতো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এথলিটৰ শাৰীত উচ্চাৰিত হয় ইলাৰ নাম।
যৌন সম্ভোগক শ্ৰেষ্ঠ ব্যায়াম বুলি ভাবে ৰাছিয়াৰ এইগৰাকী সাঁতোৰবিদে। ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান ‘স্পৰ্টছ এক্সপ্ৰেছ’ৰ সৈতে এক সাক্ষাৎকাৰত তেওঁ কয় যে, “প্ৰতিযোগিতা এখনত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ হ’লে খেলৰ আগত যৌন সম্ভোগ কৰা উচিত। ইয়েই হৈছে সফলতাৰ মূল চাবিকাঠী।”
তেওঁ লগতে কয় যে ‘সফলতাৰ আঁৰত যৌন সম্ভোগ’- এই বিষয়ৰ ওপৰত তেওঁ চিকিৎসকৰ সৈতেও আলোচনা কৰিছে। তেওঁৰ মতে বিজ্ঞানীমহলেও প্ৰতিযোগিতামূলক খেলত কম সময়তে ভাল প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যৌন সম্ভোগৰ সহায় লোৱাটো যথেষ্ট ফলদায়ক বুলি মত প্ৰকাশ কৰিছে।