অলিম্পিয়া বাৰ্তা
অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ ৰ ডিজিটেল ৰূপ olympiasport.in য়ে লকডাউনৰ সময়ছোৱাত অসমৰ বিভিন্ন খেলুৱৈ, প্ৰশিক্ষকক এক মঞ্চ প্ৰদান কৰিছে, যাৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষকে নিজৰ অভিজ্ঞতা অনুৰাগীৰ আগত ব্যক্ত কৰাৰ উপৰিও বিভিন্ন আলোচনাত মিলিত হ’বলৈ সক্ষম হৈছে।
মঙ্গলবাৰে সন্ধিয়া ৭ বজাৰ পৰা olympiasports.in ৰ ফেচবুক লাইভত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিচ আলী হাজৰিকাই। উক্ত লাইভ অনুষ্ঠানটো হাজৰিকাই তেওঁৰ সাঁতোৰ জীৱনৰ আৰম্ভণিৰ পৰা তেওঁ লাভ কৰা কৃতিত্বলৈ, দীঘলীপুখুৰীৰ পৰা ইংলিছ চেনেললৈ তেওঁৰ যি যাত্ৰা সেই সকলো কথাই বৰ্ণনা কৰে। লাইভত এলভিচে অসমৰ সাঁতোৰ সম্পৰ্কতো বহু গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে।
ভৱিষ্যতে অসমৰ সাঁতোৰ প্ৰশিক্ষক হ’ব বিচাৰে নেকি বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত আন্তৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে কয় যে ক্ৰীড়াৰ ক্ষেত্ৰখনত থকা ৰাজনীতিৰ বাবে তেওঁ সদ্যহতে এই কথা ভবা নাই। ইতিমধ্যে দুটাকৈ বছৰ তেওঁ কিছু প্ৰশিক্ষাৰ্থীক সাঁতোৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল যদিও পিছলৈ বিভিন্ন কাৰণত তেওঁ প্ৰশিক্ষক হোৱাৰ ইচ্ছাক জলাঞ্জলি দিলে। প্ৰশিক্ষক হিচাবে তেওঁ লাভ কৰা তিক্ত অভিজ্ঞতাৰ বাবেই ভৱিষ্যতে তেওঁ প্ৰশিক্ষক হোৱাৰ কথা ভবা নাই বুলি স্পষ্টভাৱে উল্লেখ কৰে সাঁতোৰবিদগৰাকীয়ে।