অলিম্পিয়া প্রতিবেদন
এম্মা ৰাডুকানুৰ অভিলেখ। কেৱল ১৮ বছৰতেই টেনিছ কোর্টত ধুমুহা নমাই আনিলে ব্রিটেইনৰ এম্মাই। বাঘা বাঘা টেনিছ তাৰকাৰ চকু কপালত তুলি চলিত বৰ্ষৰ ইউ এছ অপেনত মহিলা শাখাৰ ছিংগলছৰ খিতাপ নিজৰ নামত লিখি পেলালে এম্মাই। লগে লগে এম্মা হৈ পৰিল সুদীর্ঘ ৫৩ বছৰৰ পিছত ইউ এছ অ’পেনৰ খিতাপ জয় কৰা ব্রিটেইনৰ প্রথমগৰাকী মহিলা খেলুৱৈ। এম্মা ৰাডুকানুৰ পূর্বে ১৯৬৮ চনত ভির্জিনিয়া ৱেডে প্রথমগৰাকী ব্রিটিছ মহিলা ৰূপে ইউ এছ অ’পেনৰ খিতাপ জয় কৰিছিল৷
ইউ এছ অ’পেনৰ শনিবাৰে নিশা অনুষ্ঠিত মহিলা শাখাৰ ছিংগলছৰ ফাইনেল মেচখন বহুতৰ বাবেই উৎসুকতাৰ এটা কাৰণ হৈ পৰিছিল। কিয়নো ফাইনেলত মুখামুখি হৈছিল দুই অখ্যাত খেলুৱৈ ৰাডুকানু আৰু কানাডাৰ ১৯ বছৰীয়া লেইলা ফার্নাণ্ডেজ। বিশ্বৰ আগশাৰীৰ সকলো খেলুৱৈকে টেনিছ যুদ্ধত পৰাস্ত কৰি চূড়ান্ত খেলত উপনীত হৈছিল দুই ষোড়শী। নৱাগত দুয়োৰে প্ৰদৰ্শনে বিশ্ব টেনিছ প্ৰেমীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল।
কিন্তু ফাইনেলত সৰ্ব দিশতে উজলি উঠিছিল এম্মা। লেইলাৰ লেইলাৰ স্বপ্ন ভংগ কৰি শেষ হাঁহি মাৰে ব্ৰিটিছ তনয়া এম্মা ৰাডুকানুৱে৷ লেইলাক ৬–৪, ৬–৩ৰ পোনপটীয়া ছেটত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে এম্মাই। উল্লেখযোগ্য যে অভিষেকতে ইউ এছ অ’পেনৰ খিতাপ দখল কৰা এম্মা হ’ল দ্বিতীয়গৰাকী খেলুৱৈ। এম্মাৰ পূর্বে ২০১৯ চনত বিয়ানকা আন্দ্রেস্কুই অভিষেকতে ইউ এছ অ’পেনৰ খিতাপ দখল কৰিছিল৷ আনহাতে, ৰাছিয়ান সুন্দৰী মাৰিয়া ছাৰাপ’ভাৰ পিছত গ্রেণ্ডশ্লামৰ খিতাপ হস্তগত কৰা ৰাডুকানু হ’ল সর্বকনিষ্ঠ খেলুৱৈ৷ ছাৰাপ’ভাই কেৱল ১৭ বছৰ বয়সতে উইম্বলডনৰ খিতাপ জয় কৰিছিল৷
ইউ এছ অপেনৰ খিতাপ দখল কৰাৰ পিছতেই এতিয়া সমগ্ৰ বিশ্ব জুৰি চৰ্চিত হৈ পৰিছে এম্মা। অভিনন্দনৰ সোঁত বৈছে এম্মালৈ। শুভেচ্ছা জনাইছে ব্রিটেইনৰ ৰাজ পৰিয়ালেও৷