Tuesday, October 4, 2022
HomeNewsছোৱাৰেজৰ কান্দোন!

ছোৱাৰেজৰ কান্দোন!

অলিম্পিয়া প্রতিবেদন

ছিজনৰ আৰু আৰম্ভণিতে প্ৰায় ‘‘অপমান’’ কৰিয়েই বাৰ্ছিলোনাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ছোৱাৰেজক৷ অতিকে মৰমৰ ক্লাৱটোৰ পৰা অৱহেলিত সেই তাৰকাই এইবাৰ এটলিকো মাদ্ৰিদে লীগৰ খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিলে৷

লীগৰ অন্তিম খন খেলত এঞ্জেলো কোৰেয়া আৰু ছুৱাৰেজৰ গলৰ সহায়ত ৰিয়েল ভলাদলিডক ২-ৰ গলত পৰাস্ত কৰে এটলিকো মান্দ্ৰিদে৷ প্ৰথমাদ্ধৰ্ত পিছ পৰি ৰোৱা এটলিকোৱে দুয়োটা গলেই কৰে দ্বিতীয়াদ্ধৰ্ত৷ সমগ্ৰ ছিৰিজটোতেই ছুৱাৰেজ আছিল দুৰ্দান্ত ফৰ্মত৷ ছিজনটোত মুঠ ২১ টা গল কৰে তেওঁ৷ এটালিকোৰ খিতাপ জয়ত এই প্ৰদৰ্শনৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ৷ বিগত সাত বছৰত স্পেইনত এয়া ছোৱাৰেজৰ পঞ্চমটো খিতাপ৷

যোৱা ছিজনৰ ব্যৰ্থতাৰ বাবে এইবাৰ বাছিলোনাৰ পৰা বিদায় দিয়া হৈছিল ছোৱাৰেজক৷ কিন্তু তেওঁক আমন্ত্ৰণ জনায় এটালিকো মাদ্ৰিদে৷ এইবাৰৰ খিতাপ জয়ৰ জৰিয়তে বাৰ্ছিলোনাক অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি মন্তব্য কৰিছে ফুটবল বিশেষজ্ঞই৷ মেচৰ শেষত খেল পথাৰৰ মাজতেই পৰিয়ালৰ সৈতে কথা পাতি কান্দোনত ভাঙি পৰে তেওঁ৷ আনন্দৰ চকুলো৷ ছোৱাৰেজৰ সেই কান্দোনৰ ভিডিঅ’ই ইতিমধ্যে তোলপাৰ লগাইছে ফুটবল বিশ্বত৷ ছিজনৰ আৰম্ভণিতেই বাছিলোনাত অপমাণিত হোৱাৰ পিছত মোক এটলিকো মান্দ্ৰিদে যিদৰে আকোঁৱালী লৈ খেলি যোৱাৰ সুযোগ দিলে, তাৰ বাবে ক্লাৱটোৰ ওচৰত কৃতজ্ঞ’’৷ খেলৰ অন্তত ছোৱাৰেজৰ মন্তব্য এয়া৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments