Friday, September 30, 2022
HomeNewsখেলুৱৈৰ বাবে সুখবৰ: বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে খেলুৱৈৰ বাবে বিশেষ পদ

খেলুৱৈৰ বাবে সুখবৰ: বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে খেলুৱৈৰ বাবে বিশেষ পদ

অলিম্পিয়া বাৰ্তা

দেশৰ অগ্ৰণী বেংক প্ৰতিষ্ঠান বেংক অৱ ইণ্ডিয়াই দেশৰ খেলুৱৈসকলৰ বাবে মুকলি কৰি দিছে বিশেষ পদ। কেৱল খেলুৱৈয়ে আৱেদন কৰিব পাৰিব উক্ত পদ সমূহত।

আৰ্চাৰী, বক্সিং, এথলেটিকছ, জিমনাষ্টিক, সাঁতোৰ, টেবুল টেনিছ, মল্লযুঁজ, ভাৰত্তোলন- এইকেইটা খেলৰ খেলুৱৈয়ে আৱেদন কৰিব পাৰিব উক্ত পদৰ বাবে।

জেনেৰেল বেংকিং ষ্ট্ৰীমৰ বিষয়াৰ ১৪ টা আৰু ক্লাৰ্ক পদৰ ১৪ টাকৈ মুঠ ২৮ টা পদৰ বাবে আৱেদন বিচৰা হৈছে। খেলুৱৈ নিৰ্বাচনৰ বাবে এ, বি, চি, ডি এই চাৰিটা শাখা নিৰ্ধাৰণ কৰি দিয়া হৈছে।

ইয়াৰে এ, বি,চি শাখাত অন্তৰ্ভুক্ত খেলুৱৈসকল অলিম্পিক, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, ৱৰ্ল্ড কাপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, য়ুথ অলিম্পিক গেমছ, ছাউথ এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ (জুনিয়ৰ) আৰু অন্যান্য আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হ’ব লাগিব। এই খেলুৱৈসকলে বিষয়া পদৰ বাবে আৱেদন কৰিব পাৰিব।

আনহাতে ক্লাৰ্ক পদৰ বাবে প্ৰাৰ্থীগৰাকী ‘ডি’ শাখাত অন্তৰ্ভুক্ত হ’ব লাগিব। ডি শাখাত অন্তৰ্ভুক্ত খেলুৱৈগৰাকী ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ, নেচনেল গেমছ, নেচনেল চেম্পিয়নশ্বিপ(জুনিয়ৰ, ছিনিয়ৰ), ফেডাৰেচন কাপ, অল ইণ্ডিয়া ইন্টাৰ ষ্টেট চেম্পিয়নশ্বিপ, অল ইণ্ডিয়া ইন্টাৰ য়ুনিভাৰ্চিটি গেমছ, খেল’ ইণ্ডিয়া আদি প্ৰতিযোগিতাত ভাগ লোৱা হ’ব লাগিব।

বিষয়া পদৰ বাবে খেলুৱৈ গৰাকী স্নাতক হোৱা বাঞ্চনীয়। তাৰ বিপৰীতে ক্লাৰ্ক পদৰ প্ৰাৰ্থীগৰাকী নূন্যতম দশম মানলে উত্তীৰ্ণ হব লাগিব।

বয়সৰ ৰেহাই অন্য চৰকাৰী পদ সমূহৰ দৰেই। তাৰোপৰি, এছ টি, এছ টি, অ’ বি চি আদিৰ বাবে সংৰক্ষণো অন্যান্য চৰকাৰী পদৰ দৰেই।

আৱেদনৰ নিৰীখ এছ টি, এছ চি আৰু বিশেষভাবে সক্ষম লোকৰ বাবে ৫০ টকা আৰু জেনেৰেল আৰু অন্যান্যৰ বাবে এই নিৰীখ ২০০ টকা ধার্য কৰা হৈছে।

অনলাইন আৱেদনৰ প্ৰক্ৰিয়া আগষ্টৰ ১ তাৰিখৰ পৰা আৰম্ভ হৈছে। আৱেদন কৰাৰ অন্তিম তাৰিখ ১৬ আগষ্ট। প্ৰাৰ্থীয়ে সবিশেষ জানিবলৈ www.bankofindia.co.in ৱেবচাইটত প্ৰৱেশ কৰিব পাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments