খেলি থকা অৱস্থাতে মৃত্যুক সাৱটিলে এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে

অলিম্পিয়া প্রতিবেদন

ইংলেণ্ডৰ ক্লাব ক্ৰিকেটাৰ যশোৱা ড্রাউনীয়ে নেটত অনুশীলন কৰি থকা অৱস্থাতে মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত ক্ৰিকেটাৰগৰাকীৰ বয়স হৈছিল ২৪ বছৰ। যুৱ ক্ৰিকেটাৰগৰাকীয়ে ইংলেণ্ডৰ বহুকেইটা ক্লাবৰ হৈ বিভিন্ন ক্লাব পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লৈছিল।

ইংলেণ্ডৰ কাউন্টি ক্লাব নটিংহামশ্বায়াৰ, হাকনাল চি চি, বাৰ্টন জয়েছ চি চি, ফিকচাৰ্টন এণ্ড থাৰগাৰ্টন চি চি আদি ক্লাবৰ হৈ ক্ৰিকেট খেলিছিল উদীয়মান ক্ৰিকেটাৰগৰাকীয়ে। উল্লেখযোগ্য যে ক্ৰিকেটাৰ ড্রাউনী ব্ৰিটেইনৰ অলিম্পিয়ান জিমনাষ্ট বেকী আৰু এলীৰ ভাতৃ। এটা বিজ্ঞপ্তিত নটিংহামশ্বায়াৰে ক্ৰিকেটাৰগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

” ২৪ বছৰীয়া যশ ড্রাউনীৰ অকাল বিয়োগত এন পি এল পৰিয়ালৰ সকলো মৰ্মাহত। এই কঠিন মুহূৰ্তত ড্রাউনীৰ শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ” বিজ্ঞপ্তিটোত এনেদৰে কয় নটিংহামশ্বায়াৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *